মুখ্য-পৃষ্ঠা

মেগীৰ দিৱানা! পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি মেগী খায় ভাৰতৰ লোকে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দুই মিনিটতে বনাই খাব পৰা মেগী নুডলছে শেহতীয়াকৈ সৃষ্টি কৰিলে এক অভিলেখ। বিশ্বৰ ভিতৰতে সৰ্বাধিক মেগী বিক্ৰী হোৱা দেশ হিচাৰে পৰিণত হল ভাৰত। ভাৰতত এটা বছৰতে প্ৰায় ৬০০কোটিৰো অধিক মেগীৰ পেকেট বিক্ৰী হোৱা অভিলেখ ৰচিলে। ২০২৩-২৪বৰ্ষত ভাৰতত এই অভিলেখ সংখ্যক মেগী বিক্ৰী হোৱাৰ তথ্য শেহতীয়াকৈ প্ৰকাশ পাইছে।

কেৱল মেগীয়ে নহয়, কিটকাট চকলেটেও ভাৰতত বিক্ৰীৰ ক্ষেত্ৰত অভিলেখ ৰচিলে ২০২৩-২৪বিত্তীয় বৰ্ষত। এই বৰ্ষটোত প্ৰায় ৪২০কোটি ইউনিট কিটকাট চকলেট বিক্ৰী হল ভাৰতত। এই বিক্ৰীৰ লগে লগে ভাৰত কিটকাট চকলেট বিক্ৰীৰ ক্ষেত্ৰত দ্বিতীয় বিশাল দেশ হিচাপে পৰিণত হ'ল।

মঙলবাৰে এই তথ্য ৰাজহুৱা কৰিলে নেচলে প্ৰতিষ্ঠানে। তেওঁলোকে প্ৰকাশ কৰে যে, ভাৰতত অধিক গতিত মেগীৰ বজাৰখন বৃদ্ধি হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, ২০১৫চনত এক বিৰ্তকত সাঙুৰ খাই মেগীৰ প্ৰচলন বন্ধ হৈ পৰিছিল। FSSAIএ ২০১৫চনৰ ৫মাহৰ মাহৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছিল মেগীৰ ওপৰত। কিন্তু অৱশেষত আদালতৰ মজিয়াত এই বিবাদ নিষ্পত্তি হৈছিল।

ভাৰতৰ বজাৰত এই নিষেধাজ্ঞাৰ পাছতে নেচলে কোম্পানীৰ বজাৰ যথেষ্ট হ্ৰাস পাইছিল। পূৰ্বৰ তুলনাত ভাৰতত প্ৰায় ৮০শতাংশৰো অধিক লোকচানৰ সন্মুখীন হৈছিল প্ৰতিষ্ঠানটো। কিন্তু শেহতীয়াকৈ এই প্ৰতিষ্ঠানটোৱে ১৪০বিধৰো অধিক সামগ্ৰী বজাৰত মুকলি কৰিছে। ২০২৫ৰ লৈকে নেচলে কোম্পানীয়ে ভাৰতৰ বজাৰত ৭৫০০কোটিৰো অধিক টকাৰ ব্যৱসায়ৰ লক্ষ্য ৰাখিছে।