মুখ্য-পৃষ্ঠা

মহালয়াৰ পিছদিনাৰ পৰা আৰম্ভ গৌৰীপুৰ ৰাজপৰিয়ালৰ ৪০০ বছৰীয়া দুৰ্গা পুজা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ধুবুৰীৰ ৰজাদিনীয়া গৌৰীপুৰ চহৰত অৱস্থিত মহামায়া মন্দিৰত আজিৰে পৰা শাৰদীয় উৎসৱ দুৰ্গা পূজা আৰম্ভ হোৱাত গৌৰীপুৰত ৰাইজৰ মাজত এক আনন্দ উৎসৱে বিৰাজ কৰিছে। গৌৰীপুৰ ৰাজ পৰিয়ালৰ এই দুৰ্গা পূজা গৌৰীপুৰ মহামায়া মন্দিৰত ৪০০ বছৰ ৰো অধিক সময় ধৰি চলি আছে।

বৰ্তমানে গৌৰীপুৰ মহামায়া মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি তথা ৰাজপৰিয়ালৰ সদস্য প্ৰবীৰ বৰুৱাৰ সুপৰিচালনাত আজিও সেই ৰজা দিনীয়া পৰম্পৰা অক্ষুণ্ণ আছে। গৌৰীপুৰৰ ৰাইজেও এইক্ষেত্ৰত গৌৰীপুৰ ৰাজ পৰিয়ালৰ সদস্য সকলক সহায়-সহযোগিতা আগৱঢ়াই গৌৰীপুৰ মহামায়া মন্দিৰৰ দুৰ্গা পূজাত অংশ গ্ৰহণ কৰি পূজা অৰ্চনা, সেৱা জনাই আহিছে।

ইপিনে আজি ৰাতিপুৱা ৭ বজাত গৌৰীপুৰৰ মা মহামায়া স্থায়ী মন্দিৰৰ পৰা সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতি অনুসৰি কুঁহিলাৰে নিৰ্মিত দুৰ্গা দেৱীৰ প্ৰতিমা গৌৰীপুৰৰ মহামায়া খেলপথাৰত থকা দুৰ্গা মন্দিৰলৈ লৈ আনি তাতে স্থাপন কৰা হয়। আজি মহালয়াৰ পিছদিনা অৰ্থাৎ প্ৰতিপদ তিথিত আৰম্ভ হোৱা গৌৰীপুৰৰ ৰাজপৰিয়ালৰ দুৰ্গা পূজাৰ ৰাজ পুৰোহিত অৰূপলোচন চক্ৰৱৰ্তী, দুৰ্গা দেৱীৰ পূজা অৰ্চনাৰ বাবে পূজাৰি বুদ্ধ ৰয়, গৌৰীপুৰ ৰাজপৰিয়ালৰ সদস্য প্ৰবীৰ বৰুৱাৰ লগতে গৌৰীপুৰৰ ভক্তপ্ৰাণ ৰাইজে সমদল কৰি গৌৰীপুৰৰ মা মহামায়াৰ স্থায়ী মন্দিৰৰ পৰা দেৱীক গৌৰীপুৰৰ মহামায়া খেলপথাৰত থকা দুৰ্গা মন্দিৰলৈ লৈ আনে।

উল্লেখযোগ যে, ১৬ শতিকাৰ পৰা আৰম্ভ হোৱা এই ঐতিহাসিক দুৰ্গা পূজাক ১৮৫০ চনৰ পৰা গৌৰীপুৰৰ ৰজা প্ৰতাপ চন্দ্ৰ বৰুৱাই তেওঁৰ ৰাজধানী ৰাঙামাটিৰ পৰা গৌৰীপুৰলৈ স্থানান্তৰিত কৰিছিল। সেই সময়ত ৰজাই কুল দেৱীক লগত লৈ আনিছিল। গৌৰীপুৰত গোটেই বছৰ কূলদেৱী হিচাপে মহামায়া পূজিত হ'লেও শৰৎ কালত নিৰ্দিষ্ট সময়টোতে দেৱী দুৰ্গাৰ আৰাধনা তেতিয়াৰ পৰাই চলি আহিছে। বর্তমানেও ৰাজদৰবাৰৰ চৌহদৰ মন্দিৰত থকা কুলদেৱী মহামায়াক শুক্লা প্রতিপদৰ দিনা সমদলকৰি মহামায়া খেলপথাৰ স্থিত দুর্গা মন্দিৰলৈ লৈ অনা হয়।

তাতে অষ্টধাতু ৰে নির্মিত কুলদেৱী মহামায়া আৰু দুৰ্গা পূজা একেলগে কৰাৰ লগতে কুঁহিলাৰে নিৰ্মিত দুৰ্গা প্ৰতিমাৰো পূজা-অৰ্চনা কৰা হয়। আনহাতে কুলদেৱী মহামায়াক পূজা-অৰ্চনা কৰে ৰাজপুৰোহিত অৰূপ লোচন চক্ৰৱৰ্তী আৰু শাৰদীয় দুর্গা পূজা কৰে পুৰোহিত বুদ্ধ ৰায়ে। বর্তমানে ৰাজপৰিয়াল ৰ সদস্য প্রবীৰ কুমাৰ বৰুৱাই পূজাৰ আঁত ধৰি আহিছে। উল্লেখ্য যে তেতিয়াৰ দিনত জাতি, বৰ্ণ, ধৰ্ম নির্বিশেষে ৰাজপৰিয়ালৰ দুৰ্গা পূজাত সা-সামগ্ৰী, খৰি, চিৰা-মূৰি, দৈ আদি যোগান ধৰি সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনিছিল আৰু আজিও সেই পৰম্পৰা চলি আছে। ধুবুৰীৰ উত্তৰ-পূৱত থকা ব্ৰহ্মপুত্ৰ আৰু গদাধৰ নৈৰ সংগম স্থানত ৰাজপৰিয়ালৰ দুৰ্গা পূজা বিসৰ্জন দিয়া হয়।