মুখ্য-পৃষ্ঠা

উৎকট গৰমঃ মানকাচৰত অতিৰিক্ত বিদ্যুৎ বিলে জ্বলা-কলা খোৱাইছে গ্ৰাহকক

Asomiya Pratidin

ডিজিটেল সংবাদ,মানকাচৰঃ এফালে উৎকট গৰম আনফালে বিদ্যুতৰ বিল। মানকাচৰত অতিৰিক্ত বিদ্যুৎ বিলে জ্বলা-কলা খোৱাইছে বহু গ্ৰাহকক। বিদ্যুৎ বিভাগৰ অৱহেলাৰ বাবে জিলাখনৰ অধিকাংশ ঘৰত বৰ্তমানেও বিদ্যুৎ সংযোগ কৰা হোৱা নাই।

জিলাখনৰ বিদ্যুৎ বিভাগে নিজ ইচ্ছা অনুযায়ী বিল বনাই গ্ৰাহকৰ পৰা হাজাৰ হাজাৰ টকা অবৈধ ভাবে সংগ্ৰহ কৰা বুলি জিলা আমছুৱে অভিযোগ উত্থাপন কৰিছে।মিটাৰ নথকা গ্ৰাহকৰ পৰা আদায় লোৱা বিল বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ পকেটত যায় বুলিও আমছুৱে অভিযোগ কৰে।

বিগত মাহত ৩০০ টকা বিদ্যুৎ বিলৰ পৰিৱৰ্তে এই মাহত ১০০০/১২০০ টকাৰ বিলক লৈ চিন্তিত হৈ পৰিছে ৰাইজ। হঠাৎ এটা মাহৰ ভিতৰত ২/৩ গুণ বিদ্যুৎ বিল অতিৰিক্ত ভাবে বৃদ্ধি পোৱাত জিলাখনৰ গ্ৰাহকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।