মুখ্য-পৃষ্ঠা

ব্ৰহ্মপুত্ৰত ছাত্ৰীৰ সলিল সমাধি...

Asomiya Pratidin

ডিজিটেল সংবাদ,মানকাচাৰঃ মানকাচৰৰ সুখচৰ থানা এলেকাৰ অধীনস্থ ফাত্তাপাৰাত ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ এটি ১৩ বছৰীয়া কিশোৰীৰ সলিল সমাধি ঘটে।মঙলবাৰে বিয়লি প্ৰায় ৪ বজাত ফাত্তাপাৰা গাঁৱৰ আমিৰ হুছেইনৰ কন্যা ১৩ বছৰীয়া আতিফা বেগম ঘৰৰ কাষতে ব্ৰহ্মপুত্ৰত সমনীয়াৰ সৈতে গা ধুবলৈ গৈছিল। পানীত নামি যোৱা পাছতে হঠাৎ আতিফা নিৰুদ্দেশ হয়।

লগে লগে স্থানীয় ৰাইজে উদ্ধাৰ অভিযান আৰম্ভ কৰে। লগতে সুখচৰ আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীক খবৰ দিয়ে। দিনৰ প্ৰায় ৪.৩০ বজাত ছাত্ৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ হয়।

মানকাচৰ ৰাজহ চক্ৰ বিষয়া প্ৰাঞ্জল শৰ্মা বৰুৱা ঘটনাস্থলীত উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত কৰে। ইয়াৰ পাছত মৰণোত্তৰ পৰীক্ষাৰ বাবে সুখচৰ আৰক্ষীয়ে মৃতদেহটো নিজ জিম্মাত লয়। ছাত্ৰী গৰাকী সুখচৰ এছ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত বুলি জানিব পৰা গৈছে।

যোৱা সপ্তাহতো সুখচৰ থানা এলেকাৰ অধীনস্থ বৰবালুত একেদৰে ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ এটি ১২ বছৰীয়া কিশোৰ ছাত্ৰ নিৰুদ্দেশ হোৱাৰ পাছত মৃতদেহ উদ্ধাৰ হৈছিল। উল্লেখযোগ্য যে, ৰীমালৰ বাবে ইতিমধ্যে জিলা প্ৰশাসনৰ পৰা সতৰ্কতা জাৰি কৰা হৈছে।

ব্ৰহ্মপুত্ৰত নাও চলাচল বন্ধ কৰাৰ লগতে নদীত মাছ ধৰা, গা ধোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। কিন্তু কিশোৰীজনীৰ অভিভাৱকৰ অসতর্কতাৰ বাবে এই ঘটনা সংঘটিত হয়। উক্ত ঘটনাই সমগ্ৰ জিলাখনত গভীৰ শোকৰ ছাঁ পেলাইছে।