মুখ্য-পৃষ্ঠা

বানৰ কবলত মানকাচৰৰ দুই শতাধিক গাঁও...

Asomiya Pratidin

ডিজিটেল সংবাদ,মানকাচৰঃ ক্ৰমাৎ জটিল হৈছে মানকাচৰৰ বান পৰিস্থিতি। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদসীমাৰ পৰা প্ৰায় ২৫ ছেন্টিমিটাৰ ওপৰেৰে বৈ থকাৰ ফলত ইতিমধ্যে দুই শতাধিক গাঁও জলমগ্ন হৈছে। ফলস্বৰূপে বন্যাৰ্ত সকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে।

বিশেষকৈ মানকাচৰ চৰ এলেকা সমূহত ঘৰৰ মুধচলৈ পানী উঠাত ৰাইজে ঘৰ দুৱাৰ এৰি নিৰাপদ স্থানত আশ্ৰয় ল'বলৈ আৰম্ভ কৰিছে। ইফালে বাংলাদেশ সীমান্তৱৰ্তী চৰ শিশুমাৰাত বানৰ মাজত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়াৰ ফলত অৰ্ধ শতাধিক পৰিয়াল ভূমিহীন হৈ পৰিছে।

কোনোমতে ঘৰ আৰু আচবাব পত্ৰ সমূহ চৰকাৰী প্লেটফৰ্মত নি আশ্ৰয় গ্ৰহণ কৰিছে পৰিয়ালসমূহে। উল্লেখ্য যে, জিলা প্ৰশাসনৰ পৰা বন্যাৰ্ত সকলক উদ্ধাৰৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।