মুখ্য-পৃষ্ঠা

ছাত্ৰৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি উদয়পুৰ ছেইণ্ট পল বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি...

Asomiya Pratidin

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটা: তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত উদয়পুৰৰ ছেইণ্ট পল নামৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত বৃহস্পতিবাৰে এক মৰ্মান্তিক ঘটনা সংঘটিত হয়। বিদ্যালয়খনৰ ছাত্ৰাবাসত দশম মান শ্ৰেণীত অধ্যয়নৰত গামৰিন মাকাট' নামৰ এজন ছাত্ৰৰ ৰহস্যজনকভাৱে মৃত্যু ঘটে। ছাত্ৰজনৰ মৃতদেহ হাত ভৰি বন্ধা আৰু এডাল ৰছীৰে ছাত্ৰাবাসৰ বাৰণ্ডাত উলমি থকা অৱস্থাত উদ্ধাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। মৃতদেহটো প্ৰত্যক্ষ কৰি অভিভাৱক তথা স্থানীয় ৰাইজে এইয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।

মৃত ছাত্ৰজন লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত কোমচাই নমুও গাঁৱৰ চন্ত্ৰেত মাকাট আৰু জাঅংক মাকাট'ৰ একমাত্ৰ পুত্ৰ বুলি জানিব পৰা গৈছে। ঘটনাৰ বিৱৰণ অনুযায়ী গৰমৰ বন্ধ শেষ কৰি বৃহস্পতিবাৰে পৰা আৰম্ভ হ'ব লগা বিদ্যালয়ৰ নিয়মীয়া পাঠদান গ্ৰহণ কৰাৰ উদ্দেশ্যে গামৰিন মাকাট' আৰু আন সাতগৰাকী ছাত্ৰ বুধবাৰে বিদ্যালয়ৰ ছাত্ৰাবাসত উপস্থিত হয় আৰু নিশা যাপন কৰে। পুৱা প্ৰায় ৪:০০ মান বজাত এজন ছাত্ৰ বাথৰুম যোৱাৰ সময়ত গামৰিন নামৰ ছাত্ৰজনক বাৰাণ্ডাত উলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে আৰু লগে লগে আন সতীৰ্থসকলক জনোৱাৰ উপৰিও বিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰে।

ঘটনা সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই অভিভাৱকক ছাত্ৰজনৰ অসুখত ভুগি মৃত্যু হোৱা বুলি ফোনযোগে জনোৱাৰ অভিযোগ তুলিছে অভিভাৱকে। বৃহস্পতিবাৰে পুৱাৰ ভাগত চৌদিশে খবৰটো বিয়পি পৰাৰ লগে লগেই ছাত্ৰজনৰ গাঁৱৰ ৰাইজৰ লগতে অসংখ্য লোক ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো প্ৰত্যক্ষ কৰি এইয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰে। আৰক্ষী প্ৰশাসনে ঘটনাৰ খবৰ পোৱাৰ লগে লগেই মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

ঘটনাৰ বিষম পৰিস্থিতিৰ উমান পাই বিদ্যালয়খনৰ স্বত্বাধিকাৰ তথা অধ্যক্ষ বিপুল লথা উক্ত স্থানৰ পৰা পলায়ন কৰে যদিও উপায়হীন হৈ শেষত লেখাপানী আৰক্ষী থানাত আত্মসমৰ্পন কৰে। ঘটনাস্থলীত উপস্থিত থকা গোৰ্খা ছাত্ৰ সন্থা, টাংছা ছাত্ৰ সন্থা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অন্যান্য সংগঠনৰ নেতৃবৃন্দই উক্ত ঘটনা সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্তৰ বাবে আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে। ঘটনাস্থলীত উপস্থিত থকা বিভিন্ন জনৰ অভিযোগ অনুসৰি বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয় তথা হোষ্টেলৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰে তথা বিদ্যালয়খনৰ সুৰক্ষাৰ প্ৰতি গুৰুত্ব আৰোপ নকৰি পৰ্যাপ্ত চি চি টিভি কেমেৰা সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বৰঞ্চ যিকেইটা আছে সেইকেইটাও বিকল হৈ আছে। যাৰ ফলত এই ঘটনাৰ প্ৰকৃত ৰহস্য তাৎক্ষণিকভাৱে উদঘাটন নহল আৰু এক অনকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হবলৈ পালে বুলি অভিযোগ উত্থাপন হৈছে।

উত্তেজিত জনতাই পৰিস্থিতি ইমানেই ভয়াবহ কৰি তোলে যাৰ ফলত হোষ্টেল আৰু অধ্যক্ষৰ বাস গৃহ আৰু বিভিন্ন আচবাব, এখন বলেৰ' বাহন, এখন ইনভা বাহন, এখন স্কুটিৰ বিস্তৰ ক্ষতিসাধন হয়। পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ ব্যৱহাৰ কৰে। পৰিস্থিতি কিছু নিয়ন্ত্ৰণ হোৱাত কাৰ্য্যবাহী দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে মৃতদেহ থানালৈ নি মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে আৰু ছাত্ৰাবাসত থকা আন সাতগৰাকী ছাত্ৰক শোধা-পোচৰ বাবে নিজৰ জিম্মাত লয়।

কাৰ্য্যবাহী দণ্ডাধীশৰ উপস্থিতিতেই ছেইণ্ট পল বিদ্যালয়খন অনিৰ্দিষ্ট কাললৈ ছিল কৰি দিয়া হয় যদিও পৰিস্থিতি ইমানটো শান্ত নহৈ উত্তেজিত প্ৰতিবাদী ৰাইজ আগুৱাই আহি লেখাপানী আৰক্ষী থানাত উপস্থিত হয় আৰু এইয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিহিত কৰি অতি সোনকালে দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবীত ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰায় তিনিঘণ্টা সময় যান-বাহন ব্যাহত কৰি তোলে। পৰিস্থিতি ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়ৰ অধ্যক্ষ আৰু আন সাতগৰাকী ছাত্ৰক লেখাপানী আৰক্ষী থানাৰ পৰা মাৰ্ঘেৰিটা আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰি ঘটনাৰ প্ৰকৃত ৰহস্য উদঘাটনৰ বাবে জেৰা অব্যাহত ৰাখিছে।

শেষত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধস্থলীত মহকুমাধিপতি উপস্থিত হৈ দল সংগঠন আৰু প্ৰতিবাদী জনতাৰ পৰা স্মাৰক পত্ৰ গ্ৰহণ কৰি উচিত তদন্তৰ দ্বাৰা বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰাত প্রতিবাদকাৰীসকলে প্ৰতিবাদ স্থগিত ৰাখে। বিভিন্ন সময়ত ব্যক্তিগত খণ্ডৰ ছাত্ৰাবাসত তথা বিদ্যালয় সমূহত উদ্ভৱ হোৱা এনে পৰিৱেশ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত শিক্ষা বিভাগ সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে আজি ঘটনাত প্ৰতিবাদী ছাত্ৰ সংগঠন কেইটাই। ব্যক্তিগত খণ্ডৰ বিদ্যালয় তথা জুনিয়ৰ কলেজসমূহৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী জীৱন সুৰক্ষাৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে ছাত্ৰ সংগঠনসমূহৰ নেতৃত্বই। দশম মান শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ জনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।