মুখ্য-পৃষ্ঠা

মায়ঙৰ অৱসৰপ্ৰাপ্ত শিক্ষকৰ বদান্যতা : পুত্ৰৰ স্মৃতিত ৰাইজৰ বাবে উছৰ্গা কৰিলে মুক্তিধাম

Asomiya Pratidin

ডিজিটেল সংবাদ, মায়ং : মায়ঙৰ লোনমাটি গাঁৱৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক ৰাজেন শইকীয়াৰ বদান্যতাক আজি অঞ্চলটোৰ ৰাইজে ভূয়সী প্ৰশংসা কৰিছে। অঞ্চলটোৰ বিভিন্ন সামাজিক কামত সক্ৰিয়ভাৱে জড়িত অৱসৰপ্ৰাপ্ত শিক্ষক ৰাজেন শইকীয়াই অকালতে হেৰুৱাব লগা হৈছিল তেওঁৰ কনিষ্ঠ পুত্ৰক।

পুত্ৰক অকালতে  হেৰুৱাই দুখত ভাগি পৰা ৰাজেন শইকীয়াই আজি চেনেহৰ পুত্ৰৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবলৈ উছৰ্গা কৰিলে এখন ৰাজহুৱা মুক্তিধাম। মায়ঙৰ হাতীমূৰীয়া গাঁৱৰ ৰাইজৰ ৰাজহুৱা মুক্তিধামখন সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাত নিৰ্মাণ কৰি দিয়ে ৰাজেন শইকীয়াই।

সকলোখিনি সুবিধা কৰি দিছে মুক্তিধামখনত। সোমবাৰো পুৱা ১০-০০ বজাত উক্ত মুক্তিধামখনৰ ফিটা কাটি শুভ উদ্বোধন কৰে মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই। অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজকৰ্মী ৰাজেন শইকীয়াৰ কনিষ্ঠ পুত্ৰ শশাংক শইকীয়াৰ স্মৃতিত মুক্তি ধামখন ৰাইজৰ সুবিধাৰ বাবে নিৰ্মাণ কৰি দিয়া প্ৰচেষ্টাক শলাগ লয় জিলা আয়ুক্তগৰাকীয়ে।

আজিৰ এই  অনুষ্ঠানত উপস্থিত থাকে মায়ং অঞ্চলৰ শতাধিক গণ্য মান্য ব্যক্তিৰ লগতে ঐতিহাসিক মায়ঙৰ পৰম্পৰাগত ৰজা তৰনিকান্ত সিংহ কোঁৱৰ, পবিতৰাৰ প্ৰাক্তন বনাঞ্চলিক বিষয়া মুকুল তামুলী, মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জিত কলিতা প্ৰমুখ্য বিশিষ্ট ব্যক্তিসকল। হাতীমূৰীয়া গাঁও উন্নয়ন সমিতিৰ ফালৰ পৰাও  ৰাজেন শইকীয়াৰ সামাজিক বদান্যতাক শলাগ লৈছে।

এইখিনিতে উল্লেখ কৰিব পাৰি যে শশাংক শইকীয়া ২০২৩ চনত ২৩ বছৰ বয়সত প্ৰেচাৰ ষ্ট্ৰোকত আক্ৰান্ত হৈ মৃত্যু হৈছিল। এগৰাকী প্ৰচুৰ সম্ভাৱনা থকা বিজ্ঞানৰ ছাত্ৰ শশাংকই এ পি এছ চি পৰীক্ষাৰ বাবেও নিজকে প্ৰস্তুত কৰি তুলিছিল। কিন্তু শশাংকই সকলোকে কন্দুৱাই চিৰদিনৰ বাবে ইহ সংসাৰ ত্যাগ কৰিব লগা হয়।

শশাংকৰ মৃত্যুৱে আজিও সকলোকে মৰ্মাহত কৰি তুলিছে। আজিও মুক্তিধামখন মুকলি কৰা সময়ত উপস্থিত থকা সকলোৱে গভীৰ শোক প্ৰকাশ কৰি মেধাৱী ছাত্ৰ শশাংকৰ আত্মাৰ সদগতি কামনা কৰে আৰু গনেশ  মন্দিৰত ভাগৱত পাঠ, নাম প্ৰসংগ কৰা হয়।