মুখ্য-পৃষ্ঠা

মনহাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু গোনা ম'হৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, মায়ংঃ মনহা বেলগুৰিত এক অঘটন সংঘটিত হৈছে। বিদ্যুৎপৃষ্ট হৈ এটা পোহনীয়া গোনা ম'হৰ মৃত্যু হয়। লগতে আহত হয় কৃষক শশীকান্ত ডেকা। ঘৰৰ ওচৰতে থকা বৰোধানৰ পথাৰত বৈদ্যুতিক তাঁৰত লাগি মৃত্যু হয় ম'হটোৰ। আহত শশীকান্তক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

ম'হৰ গাড়ী লৈ পথাৰৰ পৰা ধান আনিবলৈ যোৱাৰ সময়তে সংঘটিত হয় এই অঘটন।বৈদ্যুতিক তাঁৰসমূহ নিচেই তলত থকাৰ বাবেই এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে। ঝাৰগাঁও বিদ্যুৎ বিভাগক জনোৱাৰ পিছতেই ঘটনাস্থলীত বিভাগৰ কৰ্মচাৰী উপস্থিত হয়।

ইফালে উক্ত ঘটনাৰ কিছু সময় পাছতে আহত লোকজনৰ চিকিৎসাৰ খৰচ আৰু মৃত ম'হটোৰ ক্ষতিপূৰণ বিচাৰি ঝাৰগাঁও বিদ্যুৎ উপ সংমণ্ডল বিষয়াৰ কাৰ্যালয়ত বেলগুৰিৰ ৰাইজ উপস্থিত হয়। গাঁৱখনৰ পুৰুষ-মহিলাসকল ওলাই আহি উপ সংমণ্ডল বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয়।

গাঁৱবাসীৰ অভিযোগ যে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই আজিৰ এই ঘটনা সংঘটিত হ'বলৈ পালে। ইফালে জাগীৰোড আৰক্ষীৰ দল এটা লৈ বেলগুৰিলৈ ৰাওনা হৈছে বিদ্যুত বিভাগৰ বিষয়া অভিযন্তাসহ একাংশ কৰ্মচাৰী।