মুখ্য-পৃষ্ঠা

শিলচৰত হৃদজনিত ৰোগত আক্ৰান্ত ৰোগীৰ বাবে বিশেষ শিবিৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, শিলচৰ: জন্মগতভাৱে হৃদযন্ত্ৰত ক্ৰুটি থকা অথবা হৃদযন্ত্ৰত আক্ৰান্ত আৰু থেলাছেমিয়া ৰোগত আক্ৰান্ত ৰোগীসকলৰ ব'নম্যাৰু ট্ৰাঞ্চপ্লান্টেছনৰ বাবে সোমবাৰৰ পৰা দুদিনীয়াকৈ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত আৰম্ভ হৈছে মেগা স্ক্ৰিনিং কেম্প। অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত কাছাৰ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত অনুষ্ঠিত এই চিনাক্তকৰণ শিবিৰটো সোমবাৰে মুকলি কৰে শিলচৰ মেডিকেল কলেজ হস্পিতালৰ অধ্যক্ষ ডা: ভাস্কৰ গুপ্তই।‌ অনুষ্ঠান মুকলি কৰাৰ পিচত বাহিৰৰ পৰা অহা চিকিৎসকৰ দলটোক গামোচা আৰু অসমৰ গৌৰৱৰ প্ৰতীক এশিঙীয়া গঁড়ৰ মুৰ্তি প্ৰদান কৰি আদৰণি জনোৱা হয়।

শিবিৰত বৰাক উপত্যকাৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ প্ৰায় তিনি শতাধিক শিশু আৰু কিশোৰ-কিশোৰী ৰোগীৰ হৃদযন্ত্ৰ পৰীক্ষা কৰা হয়। শিবিৰত স্বাস্থ্য পৰীক্ষা কৰে নাৰয়ণা হৃদয়ালয়ৰ কলকতা, গুৱাহাটী আৰু বেংগালুৰুৰ বিশেষজ্ঞ চিকিৎকৰ দলে। সোমবাৰে হৃদযন্ত্ৰত ক্ৰুটি থকা ৰোগীসকলক পৰীক্ষা কৰাৰ বিপৰীতে মঙলবাৰে থ্যালাছেমিয়া ৰোগীসকলৰ ব'নম্যাৰু ট্ৰাঞ্চপ্লান্টেছনৰ বাবে চিনাক্তকৰণ কৰিব চিকিৎসকৰ দলটোৱে।

হৃদযন্ত্ৰত আক্ৰান্ত শূন্যৰ পৰা ১৮ বছৰৰ শিশু, কিশোৰ- কিশোৰী আৰু ১৪ বছৰ বয়স পৰ্যন্ত থ্যালাছেমিয়া ৰোগী সকলক চিনাক্তকৰণ কৰা হব। ৰোগ চিনাক্তকৰণৰ পিচত ৰোগীসকলক চাৰ্জাৰীৰ বাবে কলকতা আৰু বেংগালুৰুলৈ লৈ‌ যোৱা হ'ব বুলি জানিবলৈ দিয়ে শিলচৰ মেডিকেল কলেজ হস্পিতালৰ অধ্যক্ষ ডা: ভাস্কৰ গুপ্তই। এই শিবিৰৰ পৰা বৰাকৰ দুখীয়া পৰিয়ালৰ ৰোগীসকল যথেষ্ট উপকৃত হ'ব বুলিও মন্তব্য কৰে ডা: গুপ্তই।‌ শিবিৰ মুকলি অনুষ্ঠানত কাছাৰ,কৰিমগঞ্জ আৰু হাইলাককান্দি জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক সহ এই শিবিৰৰ দায়িত্বত থকা শিলচৰ মেডিকেল কলেজ হস্পিতালৰ নোডাল বিষয়া ।