মুখ্য-পৃষ্ঠা

মেঘালয়ত ভূমিস্খলনঃ বন্ধ হৈ পৰিছে ৬নং ৰাষ্ট্ৰীয় ঘাইপথ...

Asomiya Pratidin

ডিজিটেল সংবাদ, শিলচৰঃ দুদিন ধৰি হোৱা ধাৰাষাৰ বৰষুণৰ ফলত প্ৰবল ভূমিস্খলন হৈছে চুবুৰীয়া ৰাজ্য মেঘালয়ত।‌ মেঘালয়ৰ সোনাপুৰত থকা সুৰংগৰ সন্মুখত পাহাৰৰ শিল আৰু মাটি খহি ৬নং শিলচৰ-জোৱাই-গুৱাহাটী ৰাষ্ট্ৰীয় পথ সম্পূৰ্ণ পুতি পেলাইছে। ফলত সম্পুৰ্ণ বন্ধ হৈ পৰিছে ৰাষ্ট্ৰীয় পথটো।

ভূমিস্খলনৰ ফলত সুৰংগৰ দুয়ো পাৰে আৱদ্ধ হৈ পৰা যাত্ৰীসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। সমান্তৰালভাৱে পথছোৱাত আৱদ্ধ হৈছে মালবাহী ট্ৰাকসমূহো।‌ এই ভুমিস্খলনৰ ফলত বৰাক উপত্যকা সহ চুবুৰীয়া ৰাজ্য মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰা দেশৰ বাকী অংশৰ সৈতে যাতায়ত বিচ্ছিন্ন হৈ পৰিছে। ইফালে,পথছোৱা মুকলি কৰিবলৈ লোক নিৰ্মাণ বিভাগ আৰু মেঘালয় আৰক্ষীয়ে চেষ্টা অৱ্যহত ৰাখিছে।