মুখ্য-পৃষ্ঠা

মেঘালয়ত ভূমিস্খলনৰ বাবে ৬নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ ঘোষণা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মেঘালয়ৰ লুমস্নোগত বানপানী আৰু কুলিয়াঙত ভূমিস্খলনৰ বাবে পুনৰ জাননী নিদিয়ালৈকে জোয়াই বদৰপুৰ ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো সকলো ধৰণৰ যানবাহনৰ চলাচলৰ বাবে বন্ধ থাকিব। মেঘালয় আৰক্ষীয়ে এক জাননী যোগে এই তথ্য সদৰি কৰিছে।

ইফালে মেঘালয়ৰ গাঁৱ বুঢ়া সকলেও এই পথৰ সংস্কাৰৰ দাবীত এই ঘাই পথেদি বুধবাৰৰ ৰাতিপুৱাৰ পৰা কোনো যানবাহন চলিবলৈ দিয়া নহ'ব বুলি ঘোষণা কৰিছে।