মুখ্য-পৃষ্ঠা

গেলাহাতীঙা চাহ বাগিচাত "Menstrual Hygiene Day" সন্দৰ্ভত সজাগতা সভা...

Asomiya Pratidin

ডিজিটেল সংবাদ,নদুৱাৰঃ মঙলবাৰে "Menstrual Hygiene Day" ৰ লগত সংগতি ৰাখি ঋতুস্ৰাবৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিত হয়। নদুৱাৰ অঞ্চলৰ দিকৰাই চাহ বাগিচা সামাজিক উন্নয়ন মঞ্চ( Dekorai Community Development Forum) ৰ উদ্যোগত গেলাহাটিঙা চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ ছাত্ৰীসকলৰ মাজত সজাগতা প্ৰদান কৰা হয়।

দিকৰাই চাহ বাগিচা সামাজিক উন্নয়ন মঞ্চৰ সম্পাদক অৰুণ গোৱালাই আঁত ধৰা সভাখনত দিকৰাই চাহ বাগিচা হস্পিতালৰ জি এন এম লিলি নাইগম, কাৰ্লিণ চাতি আৰু অবিনাশ কোচ উপস্থিত থাকে। লগতে সামাজিক স্বাস্থ্য বিষয়া পোষাৰাণী পাতৰ, আটছাৰ গেলাহাটিঙা চাহ বাগিচা প্ৰাথমিক গোটৰ সভানেত্ৰী নেহা নায়ক আৰু আশা কৰ্মী কনকলতা তাঁতী উপস্থিত থাকি ঋতুস্ৰাবৰ সময়ত ল'ব লগা যতনৰ ওপৰত মননশীল বক্তব্য আগবঢ়ায়।

সজাগতা সভাত এই স্পৰ্শকাতৰ সময়খিনিত নিজৰ স্বাস্থ্যৰ প্ৰতি লব লগা মুখ্য দিশসমূহৰ বিষয়ে ছাত্ৰী সকলক বুজায় দিয়ে। লগতে এই সময়খিনিত স্বাস্থ্য সন্মত পৰিবেশৰ মাজত নিজকে ৰাখিবলৈয়ো পৰামৰ্শ প্ৰদান কৰে।

সভাখনত কেইবাগৰাকীও বক্তাই ঋতুস্ৰাবৰ সময়খিনিত স্বাস্থ্য সন্মত পৰিবেশত নথকাৰ ফলত কিদৰে নিজৰ বা আনৰ স্বাস্থ্যত কু প্ৰভাৱ পৰে তাৰ বিষয়েও ছাত্ৰীসকলক অৱগত কৰে । সজাগতা সভা খনত মাহেকীয়াৰ সময়ছোৱাত সমাজত প্ৰচলিত অন্ধবিশ্বাসক একাষৰীয়া কৰিবলৈ আহ্বান জনায়।