মুখ্য-পৃষ্ঠা

মানুহৰূপী দানৱৰ কামনাৰ বলি হৈ অন্তঃসত্বা মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলা...

Asomiya Pratidin

ডিজিটেল সংবাদ,গহপুৰঃ গহপুৰ চহৰত সংঘটিত হৈছে মানৱতাক কুলষিত কৰা ঘটনা। কোনো মানুহৰূপী দানৱৰ কামনাৰ বলি হ'ল গহপুৰৰ এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলা। বৰ্তমান ৭ মাহৰ অন্তঃসত্বা মহিলাগৰাকী।আনহাতে এই ঘটনা পোহৰলৈ আনে বেচৰকাৰী সংস্থা wariors ৰ বিশ্বনাথ জিলা সমিতিয়ে।

Wariors গহপুৰ আঞ্চলিক সমিতিৰ নেতৃত্বত অন্তসত্বা মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলা গৰাকীক গহপুৰ আৰক্ষী থানালৈ লৈ যোৱা হয়। ঘটনাৰ সবিশেষ গহপুৰ আৰক্ষী বিষয়াৰ লগতে গহপুৰৰ মহকুমাধিপতিক অৱগত কৰোৱাৰ পিছতেই মহকুমা প্ৰশাসনৰ ভূমিকাত কনকলতা অসামৰিক চিকিৎসালয়ত মহিলাগৰাকীক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়। প্ৰাথমিক চিকিৎসাৰ অন্তত তেওঁ ৭ মাহৰ অন্তঃসত্বা বুলি চিকিৎসকে সদৰী কৰে।

সমান্তৰালকৈ মহিলা গৰাকীৰ চিকিৎসাৰ বুজ লৈছে চিকিৎসা বিষয়া ড: প্ৰীয়ম দাসে। লগতে মানসিক বিকাৰগ্ৰস্ত এই অন্তঃসত্বা মহিলাগৰাকীৰ সন্তান জন্ম হোৱালৈকে গহপুৰ মহকুমা মহকুমাধিপতি লুকুমনি বৰাৰ নেতৃত্বত চিকিৎসা বিভাগৰ ফালৰ পৰা চিকিৎসাৰ সকলো দায়িত্ব বহন কৰিব বুলি জানিবলৈ দিছে।

চিকিৎসাৰ অন্তত মহিলাগৰাকীক মাগণিৰ পৰিয়ালৰ লোক তথা মাতৃৰ ওচৰত গতাই দিয়ে গহপুৰ আৰক্ষীয়ে।আৰক্ষীৰ নাকৰ তলতে সংঘটিত হোৱা গহপুৰৰ এই জঘন্য ঘটনাৰ নৰপিশাচক চিনাক্ত কৰি উচিত শাস্তি দি মহিলা গৰাকীক ন্যায় দিবৰ বাবে গহপুৰ আৰক্ষী থানাত মাতৃয়ে এজাহাৰ দাখিল কৰিছে।