মুখ্য-পৃষ্ঠা

মেৰাপানী সীমান্তত আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰ উৎখাত...

Asomiya Pratidin

ডিজিটেল সংবাদ, মেৰাপানীঃ মঙলবাৰৰ চলোৱা অসম আৰক্ষীৰ এক অভিযানত মেৰাপানী সীমান্তৰ নাগালেণ্ডৰ পৰা উদ্ধাৰ এখনৰ পাছত আনখন ৰয়েল এনফিল্ড বুলেট। যোৰহাট সদৰ থানাৰ আৰক্ষী আৰু মেৰাপানী আৰক্ষীৰ অভিযানত জব্দ কৰিছে তিনিখনকৈ ৰয়েল এনফিল্ড বাইক।

মেৰাপানী টাউনৰ পৰা এখন ক'লা ৰঙৰ নম্বৰপ্লেট বিহীন ৰয়েল এনফিল্ড আৰু নাগালেণ্ডৰ ভাণ্ডাৰীৰ পৰা দুখন জব্দ কৰিবলৈ সক্ষম হয় অসম আৰক্ষী। ঘটনাৰ সন্দৰ্ভত নাগালেণ্ডৰ ভাণ্ডাৰীৰ পৰা দুজনকৈ লোকক আটক কৰিছে। ইয়াৰে এজন নাগালেণ্ডৰ ভাণ্ডাৰী থানাৰ নগা আৰক্ষীৰ কনিষ্টবল।

আটক কৰা ব্যক্তি ২গৰাকীৰ নাম থাম্বেন এনি আৰু মিয়াম' মাৰি। উল্লেখযোগ্য যে, যোৰহাটত একমাহতে কেইবাখনো ৰয়েল এনফিল্ড বাহন চুৰি হৈছিল বুলি জানিবলৈ দিয়ে যোৰহাট আৰক্ষীয়ে।