মুখ্য-পৃষ্ঠা

উত্তাল মেৰাপানী থানাৰ চৌহদঃ বিভিন্ন দল সংগঠনৰ থানা ঘেৰাও কাৰ্য্যসূচী

অসমৰ ব্যৱসায়ীক নিৰাপত্তা প্ৰদানত ব্যৰ্থ হোৱা আৰু নগা উগ্ৰপন্থী সংগঠনৰ ওচৰত অসম আৰক্ষীয়ে আত্মসমৰ্পণ কৰাৰ বিৰুদ্ধে সাব্যস্ত প্ৰতিবাদ...

Asomiya Pratidin

ডিজিটেল সংবাদ,মেৰাপানী: মেৰাপানী আৰক্ষী থানা চৌহদত উত্তপ্ত পৰিস্থিতি। বিভিন্ন দল সংগঠন আৰু মেৰাপানী টাউনৰ ব্যৱসায়ী সকলে ঘেৰাও কৰে মেৰাপানী আৰক্ষী থানা। অসমৰ ব্যৱসায়িক নিৰাপত্তা প্ৰদানত ব্যৰ্থ হোৱা আৰু নগা উগ্ৰপন্থী সংগঠনৰ ওচৰত অসম আৰক্ষীয়ে আত্মসমৰ্পণ কৰাৰ প্ৰতিবাদত গ্ৰহণ কৰে এই থানা ঘেৰাও কাৰ্য্যসূচী।

মেৰাপানীৰ এগৰাকী ব্যৱসায়ীয়ে আন এগৰাকী ব্যৱসায়ীৰ বিৰুদ্ধে নগা উগ্ৰপন্থী সংগঠন NSCN ৰ আদালতত গোচৰ তৰিছিল। এই গোচৰৰ ভিত্তিতে NSCN য়ে ব্যৱসায়ী পৱন কুমাৰ খালিয়াৰ দুখনকৈ ডাম্পাৰ আৱদ্ধ কৰি ৰাখে নাগালেণ্ডৰ দুৰ্গম অঞ্চলত।

ইয়াৰ পাছতে মেৰাপানীৰ স্থানীয় ৰাইজ আৰু পৱন কুমাৰ খালিয়াই NSCN ৰ সৈতে যোগসূত্ৰ ৰখাৰ অভিযোগত বিতৰ্কিত ব্যৱসায়ী কমলা ৰাণী ঢাকাৰ বিৰুদ্ধে মেৰাপানী আৰক্ষী থানাত পৃথকে পৃথকে গোচৰ দাখিল কৰিছিল।

কিন্তু মেৰাপানী আৰক্ষীয়ে গোচৰ তৰাৰ তেৰটা দিন উকলি যোৱাৰ পাছতো গোচৰ পঞ্জীয়ণ নকৰিলে। আৰক্ষীয়ে বিষয়টোত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰি কমলা ৰাণী ঢাকাক গ্ৰেপ্তাৰ নকৰাৰ লগতে আৱদ্ধ হৈ থকা ডাম্পাৰ দুখনো উদ্ধাৰৰ চেষ্টা নচলালে। ইয়াৰোপৰি NSCN য়ে ব্যৱসায়ী পৱন কুমাৰলৈ প্ৰেৰণ কৰা জাননী পত্ৰত মেৰাপানীৰ বৃহত্তৰ নাগালিম এলেকাৰ অন্তৰ্ভুক্ত বুলি দাবী কৰিছিল।

আৰক্ষীৰ এনে নমনীয় ভূমিকাত ক্ষুব্ধ হৈ সোমবাৰে মেৰাপানীৰ একাংশ দল সংগঠন আৰু ব্যৱসায়ীয়ে মেৰাপানী আৰক্ষী থানা ঘেৰাও কৰে। প্ৰতিবাদকাৰী সকলে মেৰাপানী টাউনৰ মাজেৰে এক সমদল বাহিৰ কৰি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।

পাছত মেৰাপানী আৰক্ষীৰ সৈতে হোৱা আলোচনাত বিতৰ্কিত ব্যৱসায়ী কমলা ৰাণী ঢাকাক গ্ৰেপ্তাৰ কৰাৰ লগতে আৱদ্ধ হৈ থকা ডাম্পাৰ দুখন মুকলি কৰি আনিবলৈ আৰক্ষীক তিনিদিনৰ সময়সীমা বান্ধি দিয়ে। অন্যথা অসমৰ প্ৰশাসন আৰু আৰক্ষীৰ বিৰুদ্ধে দল সংগঠন সমূহে ধাৰাবাহিক আন্দোলন আৰম্ভ কৰিব বুলি স্পষ্ট কৰি দিয়ে দল সংগঠনসমূহে।