মুখ্য-পৃষ্ঠা

চাইবাৰ জালিয়াতিৰ পৰা সুৰক্ষিত থাকিবলৈ ভাৰত চৰকাৰৰ সৈতে মেটাৰ অভিযান...

স্কেম চে বাচো...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অনলাইন কেলেংকাৰীৰ পৰা কেনেদৰে সুৰক্ষিত থাকিব লাগে সেই বিষয়ে জনসাধাৰণক শিক্ষিত কৰিবলৈ ভাৰত চৰকাৰৰ সহযোগত 'স্কেম চে বাচো' নামৰ এক সুৰক্ষা অভিযান আৰম্ভ কৰিছে মেটাই। সুৰক্ষিত ডিজিটেল পদ্ধতি প্ৰচাৰ আৰু মেটাই অনলাইন কেলেংকাৰীৰ পৰা কেনেদৰে সুৰক্ষিত থাকিব লাগে ইয়াৰ ৰ প্ৰচেষ্টা হিচাপে ইলেক্ট্ৰ'নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰণালয়, ভাৰতীয় চাইবাৰ ক্ৰিয়া সমন্বয় কেন্দ্ৰ আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ সহযোগত 'স্কেম চে বাচো' সুৰক্ষা অভিযান আৰম্ভ কৰিছে।

দেশত চাইবাৰ জালিয়াতিৰ বৰ্ধিত ঘটনাৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি মেটাই বৃহস্পতিবাৰে ৰাজধানীত এক অনুষ্ঠানত ইয়াৰ দুমহীয়া অভিযান আৰম্ভ কৰে। ইয়াৰ ভিতৰত আছে ৯ টা ভাৰতীয় ভাষাত অনলাইন সুৰক্ষা। নিৰাপত্তাক কেন্দ্ৰ কৰি এক সন্মিলিত ৰাষ্ট্ৰীয় উপভোক্তা সজাগতা অভিযান, দূৰদৰ্শনত তথ্যপূৰ্ণ আলোচনা-চক্ৰ আৰু দেশজুৰি আইন প্ৰৱৰ্তনকাৰী বিষয়াসকলৰ সামৰ্থ্য বৃদ্ধিৰ বাবে প্ৰস্তুত কৰা প্ৰশিক্ষণ কাৰ্যসূচী।

উল্লেখ্য যে,প্ৰচাৰ অভিযানৰ অংশ হিচাপে মেটাই বলীউডৰ তাৰকা আয়ুষ্মান খুৰানাক লৈ এখন শৈক্ষিক চলচ্চিত্ৰও মুকলি কৰিছে। ইয়াত জনসাধাৰণে দৈনন্দিন জীৱনত আটাইতকৈ বেছি সচৰাচৰ সন্মুখীন হোৱা কেলেংকাৰীবোৰ প্ৰদৰ্শন কৰিছে। লগতে জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ আৰু কেলেংকাৰীৰ বিৰুদ্ধে যুঁজিবলৈ সাৱধানতা অৱলম্বন কৰিবলৈ উৎসাহিত কৰা হৈছে ।