পিযুষ হাজৰীকা 
মুখ্য-পৃষ্ঠা

অসমীয়া সম্পদ চুৰি কৰি তথাকথিত মিঞা মিউজিয়ামত ৰাখিছেঃ মন্ত্ৰী পিযুষ হাজৰিকা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্যত চলি থকা বিতৰ্কিত মিঞা মিউজিয়াম সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে মন্ত্ৰী পিযুষ হাজৰীকাই। গোৱালপাৰা জিলাৰ জলেশ্বৰত স্থাপন কৰা মিঞা মিউজিয়াম সম্পৰ্কে মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, মিঞা মিউজিয়ামত সংৰক্ষণ কৰা জাকৈ,খালৈ,চাবৰেঙ আদি অসমৰ মৎসজীৱী লোক সকলে ব্যৱহাৰ কৰা অসমীয়াৰ সম্পদ। তাৰোপৰি তথাকথিত মিঞা মিউজিয়াত ৰখা নাঙল,যুৱঁলি,মৈ আদি অসমৰ কৃষিজীৱী লোকসকলৰ কৃষি কাৰ্যত ব্যৱহৃত সম্পদ। গতিকে তাক তথাকথিত মিঞা মিউজিয়ামত ৰাখি অসমীয়া জাতিক পদচ্যুত নকৰিবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে।

হঠাৎ এনে কোন মিঞা মানুহ আহি ওলাল যে উল্লেখিত সম্পদসমূহ তথাকঠিত মিঞা মিউজিয়ামত যে সংৰক্ষণ কৰিছে বুলিও প্ৰশ্ন মন্ত্ৰী গৰাকীৰ।

অন্যহাতে নাঙল,মৈ,চাবৰেঙ,যুৱঁলি আদি সম্পদ তথাকথিত মিঞা মিউজিয়ামত সংৰক্ষণ কৰা কাৰ্যক চুৰি কাৰ্য বুলি অভিহিত কৰে মন্ত্ৰী হাজৰীকাই।

তদুপৰি মিঞা মিউজিয়াম নিৰ্মাণ কৰাৰ লগত জড়িত সকলক পাছলৈ এনে কাম নকৰিবলৈও সকীয়নি মন্ত্ৰী গৰাকীয়ে। লুঙী খনক তাত ৰাখিলে সমস্যা নাই কিন্তু অসমীয়াৰ সম্পদ ৰাখিবলৈ সতৰ্কবাণী মন্ত্ৰী গৰাকীৰ।

উল্লেখ্য যে, বিতৰ্কিত মিঞা মিউজিয়াম সন্দৰ্ভত সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা যায়। মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। তাৰ কিছুসময় পাছতেই গোৱালপাৰা প্ৰশাসনে ছীল কৰিছিল মিঞা মিউজিয়াম।