মুখ্য-পৃষ্ঠা

জোনাইত নিৰ্মীয়মান মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, ধেমাজিঃ বৃহস্পতিবাৰে ধেমাজি জিলা ভ্ৰমণ কৰে অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই। জোনাই সমষ্টিত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত নতুনকৈ নিৰ্মিত মথাউৰি পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে।

উল্লেখ্য যে, ২০২২-২৩ বৰ্ষৰ SoPD ৰ অধীনত প্ৰায় ১৪.৫ কোটি টকা ব্যয়েৰে জোনাই সমষ্টিৰ শান্তিপুৰ তিনিআলিৰ পৰা কেৰকেৰ নামৰ স্থানলৈ প্ৰায় ৭ কিল'মিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰা হৈছে।

এই মথাউৰি পৰিদৰ্শন কৰি মন্ত্ৰী হাজৰীকাই কয় যে ধেমাজি জিলাক বানমুক্ত কৰিবলৈ ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে প্ৰাথমিকতা প্ৰদানেৰে কাম কৰি আছে।

বিগত প্ৰায় ৩ বছৰে জোনাই বিধানসভা সমষ্টিৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত উন্মুক্ত হৈ থকা প্ৰায় ৪০ কিল'মিটাৰ অংশৰ ১১ কিল'মিটাৰ দৈৰ্ঘ্যত মথাউৰি নিৰ্মাণ কৰা বুলি মন্ত্ৰী হাজৰীকাই জানিবলৈ দিয়ে।

তেওঁ কয় যে, এইবাৰ এই উন্মুক্ত অংশত প্ৰায় ২০ কিল'মিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰা হ'ব। পৰ্যায়ক্ৰমে সকলো উন্মুক্ত অংশতে মথাউৰি নিৰ্মাণ কৰা হ'ব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী হাজৰীকাই।