মুখ্য-পৃষ্ঠা

তিতাবৰৰ ৭মহীয়া এটি কণমাণিৰ জটিল ৰোগ! কাষত সাহস হৈ থিয় দিলে মন্ত্ৰী পিয়ুষ হাজৰিকাই...

Asomiya Pratidin

ডিজিটেল সংবাদ, তিতাবৰঃ মন্ত্ৰী পিয়ুষ হাজৰিকাৰ মহানুভৱতা। ৭ মহীয়া এটি কণমানিৰ চিকিৎসাৰ বাবে ব্যক্তিগত ভাৱে আগবঢ়ালে আৰ্থিক সাহায্য। মন্ত্ৰী গৰাকীৰ আৰ্থিক সাহায্যই পৰিয়ালটোলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে । তিতাবৰ তিনিআলিৰ বিশ্বজিত দাস আৰু স্বৰম অমিতা দেৱীৰ ৭ মহীয়া কণমানি শিশুটো Delhi max hospital ত চিকিৎসাৰ বাবে ব্যক্তিগত ভাৱে প্ৰদান কৰিলে আৰ্থিক সাহায্য ।

কেইবা মাহ ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ আছে কণমাণী শিশুটি । শিশুটিৰ উন্নত চিকিৎসাৰ অভাৱত দিশহাৰা হৈ পৰিছিল পিতৃ মাতৃৰ লগতে পৰিয়ালৰ লোকসকল। কণমাণি শিশুটিৰ পিতৃ বিশ্বজিত দাস এজন অটো চালক। কণমানিটোৰ চিকিৎসাৰ বাবে প্ৰায় ২৫ লাখ টকাৰ প্ৰয়োজন হোৱাত দিক বিদিক হেৰুৱাই পেলাইছে পিতৃ মাতৃ্ৰ লগতে পৰিয়ালটোৱে।

এই বিপদৰ সময়ত পৰিয়ালটোৰ কাষত মন্ত্ৰী পিয়ুষ হাজৰিকাৰ হৈ উন্নত চিকিৎসাৰ বাবে দুই লাখ টকা পৰিয়ালটোক প্ৰদান কৰে তিতাবৰ বিজেপি যুৱ নেতা মুন দাসে । শিশুটিৰ চিকিৎসাৰ বাবে বহু টকাৰ প্ৰয়োজন সেইয়েহে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকো সহায় বিছাৰিছে পৰিয়ালটোৱে ।

মুখ্যমন্ত্ৰীৰ কিছু সহায়ে কনমানিটিৰ বাবে হ'ব সঞ্জীৱনী । মুখ্যমন্ত্ৰীৰ সহায়ৰ অপেক্ষাত এটিয়া পৰিয়ালটি । লগতে পৰিয়ালটোক অসমবাসী ৰাইজে সহায় কৰিব বিচাৰিলে এই নম্বৰত সহায় কৰিব পাৰিব।

  • Account no-110059951348

  • IFSC code -CNRB0005401

  • Mobile no-7002203004