মুখ্য-পৃষ্ঠা

মৰিগাঁৱত ৯ টাকৈ চোৰাং গৰু সহ বাহন জব্দ কৰি আৰক্ষীক গতালে ৰাইজে...

Asomiya Pratidin

ডিজিটেল সংবাদ,মৰিগাঁওঃ মৰিগাঁৱত ৯ টাকৈ চোৰাং গৰু সহ বাহন জব্দ কৰি আৰক্ষীক গতালে পলাহগুৰি গাঁৱৰ ৰাইজে। শুকুৰবাৰে পলাহগুৰি ৰাইজে পুৱতি নিশা ৯ টা চোৰাং গৰু সহ এখন বাহন লগতে দুজন সৰবৰাহকাৰীক কৰায়ত্ত কৰি নেলী আৰক্ষী চকীত গতাই দিয়ে। উল্লেখযোগ্য যে ডাৱৰঘাটৰ মহেশ পাতৰ নামৰ চোৰাং সৰবৰাহকাৰী এজনে আন এজনৰ সৈতে লগ হৈ এ এছ ০১কিউ চি নম্বৰৰ ট্ৰাকখনত গৰু সৰবৰাহ কৰিছিল।

শাসকীয় দলৰ নেতাৰ ছত্ৰছায়াত চলি থকা গৰুৰ চোৰাং বেহা ৰোধ কৰিবলৈ ব্যৰ্থ হৈছে নেলী-জাগীৰোডৰ আৰক্ষী। সেয়ে গৰু চুৰি ঘটনা ৰোধ কৰা উদ্দেশ্যে আগবাঢ়ি আহিছে ৰাইজ।পলাহগুৰি আৰক্ষীৰ ওপৰত আস্থা হেৰুৱা গাঁৱৰ ৰাইজে চোৰাং গৰু সৰবৰাহ কৰা বাহনক বাধা দিবলৈ নিশা পহৰাৰ ব্যৱস্থা কৰে। লগতে ৰাইজে পথত গাঁত খান্দি ৰখাত ফান্দত পৰে ৯ টাকৈ চোৰাং গৰু সহ বাহন।

ইতিমধ্যে ধৃত গৰু সৰবৰাহকাৰীৰ স্বীকাৰোক্তিত প্ৰকাশ কৰা গৰু চোৰাং সৰবৰাহকাৰী, গৰু মাফিয়া চক্ৰটোৰ লগতে নেলীত গঢ়ি উঠা গৰু চিণ্ডিকেট চক্ৰটোৰ লগত জড়িত সকলক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে পলাহগুৰি গাঁৱৰ ৰাইজে।

ধৃত চোৰাং সৰবৰাহকাৰী দুজনে স্বীকাৰোক্তিত পলাহগুৰিৰ জনৈক কুশল দাস,পদেন আমছং,ৰবি পাতৰৰ সহায়ত ডাৱৰঘাটৰ পবন পাতৰ নামৰ এজেন্ট জনে উক্ত চোৰাং গৰু সমূহ সৰবৰাহ কৰা বুলি প্ৰকাশ কৰিছে।

আনহাতে নেলী ডাৱৰঘাটৰ হৈ মেঘালয়লৈ অবৈধ ভাবে গৰু সৰবৰাহ কৰা চিণ্ডিকেট চক্ৰটোৰ নেতৃত্বত ক্ষমতাশালী ব্যক্তি থকা সন্দেহ প্ৰকাশ কৰি ৰাইজে উক্ত চক্ৰটোক উৎখাত কৰিবলৈ দাবী জনাইছে।