মুখ্য-পৃষ্ঠা

অসম জাতীয় পৰিষদৰ নেতৃত্বৰ সৈতে বৈঠকত বহিল বিজেপিত এলাগী হোৱা মৃণাল শইকীয়াৰ পুত্ৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, গোলাঘাটঃ লোকসভা নিৰ্বাচনৰত জয়লাভ কৰাৰ পাছতে কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈক শুভেচ্ছা জনাই মুখ্যমন্ত্ৰীৰ সমালোচনাৰ বলি হোৱা খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ বৰপুত্ৰ বব্ৰুবাহন শইকীয়াই অসম জাতীয় পৰিষদত যোগদান কৰিব বুলি ওলোৱা খৱৰৰ মাজতে জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতিৰ গগৈ আৰু সাধাৰণ সম্পাদক জগদ্বীশ ভূঞাৰ লগত বব্ৰুবাহন শইকীয়াৰ এক ৰূদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হোৱাৰ বিষয়টো খুমটাইৰ ৰাজনৈতিক মহলত এতিয়া চৰ্চিত বিষয় হৈ পৰিছে।

জানিব পৰা অনুসৰি কালি অসম জাতীয় পৰিষদৰ দুই কাণ্ডাৰী মৃণাল শইকীয়াৰ যোগীবাৰীস্থিত বাসগৃহত উপস্থিত হৈ এক অনানুষ্ঠানিক বৈঠকত মিলিত হয়। এই সম্পৰ্কত আজি বিধায়ক মৃণাল শইকীয়াই অসমীয়া প্ৰতিদিনৰ আগত কয় যে জগদ্বীশ ভূঞা তেওঁৰ সহপাঠী হোৱাৰ বাবেই তেও আলহী স্বৰূপেই তেওৰ ঘৰলৈ লুৰিণজ্যোতিৰ সৈতে আহিছিল।

পুত্ৰৰ আজাপত যোগদান সম্পৰ্কত তেও কয় যে তেওৰ পুত্ৰ বব্ৰুবাহন এতিয়া পৰিপক্ক হৈছে। গতিকে তেওঁ নিজৰ সিদ্ধান্ত নিজেই লোৱাৰ সময় আহি পৰিছে। ইয়াত মোৰ কোনো হস্তক্ষেপ নেথাকে বুলিও বিধায়ক জনে লগতে উল্লেখ কৰে। ইয়াৰ পাছতে আজাপৰ নেতৃত্বত শালমৰাস্থিত বব্ৰুবাহনৰ ৰেষ্টুৰেণ্টলৈ যায় আৰু তাত পুনৰ আলোচনাত মিলিত হোৱাৰ লগতে তিনিও একেলগে ফটোও তোলে।

খুমটাইৰ ৰাজনৈতিক জগতত সংঘটিত হোৱা শেহতীয়া এনে ঘটনাৱলী স্বভাবিকতেই সমষ্টিটোৰ ৰাইজৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছে আৰু মৃণাল শইকীয়াৰ ভাষ্য আৰু তেওঁৰ পুত্ৰ বব্ৰুবাহন ৰ নিৰবতাই বিষয়টো অধিক ৰহস্য ঘন কৰি তুলিছে।