মুখ্য-পৃষ্ঠা

মুম্বাইত হৰ্ডিং ভাঙি ১৪ জনৰ মৃত্যুঃ ৭০ তকৈ অধিক আহত

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মুম্বাইত ধূলিৰ ধুমুহা আৰু বৰষুণৰ ফলত সোমবাৰে এক ভয়াৱহ দুৰ্ঘটনা সংঘটিত হয়। ঘাটকোপাৰ অঞ্চলৰ এটা পেট্ৰ’ল পাম্পত অবৈধভাৱে ৰখা ১০০ ফুট ওখ এখন হৰ্ডিং ভাঙি পৰি ১৪ জন লোকৰ মৃত্যু হয়।

ঘটনাটোত ৭০ জনতকৈ অধিক লোক আহত হয়। দুৰ্ঘটনাটোৰ খবৰ লাভ কৰাৰ পিছতে এন ডি আৰ এফ (নেচনেল ডিজাষ্টাৰ ৰেচপন্স ফৰ্চ)ৰ এটা দল ততাতৈয়াকৈ সেই স্থানত উপস্থিত হৈ হৰ্ডিঙে হেচি ধৰা লোকসকলক উদ্ধাৰ কৰে।

মুম্বাই পৌৰ নিগমে প্ৰদান কৰা তথ্য অনুসৰি হৰ্ডিঙৰ তলৰ পৰা মুঠ ৮৮ জন লোকক উদ্ধাৰ কৰা হৈছে। এতিয়াও চিকিৎসালয়ত ভৰ্তি হৈ আছে ৪৩ জন লোক। আনহাতে ৩১ জনক চিকিৎসাৰ অন্তত হাস্পতালৰ পৰা উলিয়াই দিয়া হৈছে।

উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডে সন্ধিয়া ভাগত ঘটনাস্থল পৰিদৰ্শন কৰে। তেওঁ কয় যে, ঘটনাৰ দোষীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ’ব। এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ পৰিয়ালক ৫ লাখ টকাৰ ক্ষতিপূৰণ দিয়া হ’ব বুলিও জনায়।