খবৰৰ আঁৰতে ৰৈ যায় বহু মানুহ। এই মানুহবোৰৰ পৰিশ্ৰমৰ মূল্যায়ন নহয়। কেমেৰাৰ পিছফালে থকা ফটো সাংবাদিকসকলৰ কৰ্মৰাজিৰ চৰ্চা প্ৰায় কমেই হয়। তেনে এজন সতীৰ্থ ফটো সাংবাদিকৰ তিনিটা দশকত ৰাজনৈতিক ফটোগ্ৰাফী বিষয় হৈছে এগৰাকী ছাত্ৰীৰ অধ্যয়নৰ বিষয়। সতীৰ্থ সেই ফটো সাংবাদিকজনৰ সৈতে হোৱা অভিজ্ঞতাৰ ভিত্তিত জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱ পাঠকৰ এটি লেখা আজি মোৰ মত শিতানত আগবঢ়োৱা হৈছে...
সেয়া ২০০৪ চনৰ অক্টোবৰৰ কথা । "অসমীয়া প্ৰতিদিন" ত মই যোগদান কৰাৰ প্ৰায় এমাহ পিছৰ কাহিনী। গোৱালপাৰা জিলাৰ কৃষ্ণাই, বলবলা, আগিয়াত ভয়ংকৰ বান আহিছিল। গাৰো পাহাৰত ডাৱৰ বিস্ফোৰণ হৈছিল। কেবা ফুট উচ্চতাৰে নামি অহা পানীৰ ঢলে কৃষ্ণাই, বলবলা, আগিয়াক মৃত্যু উপত্যকাত পৰিণত কৰিছিল। তামোল, নাৰিকলৰ গছৰ ওপৰত লাগি আছিল মানুহৰ মৃতদেহ। কমেও ৫০ হেজাৰ মানুহ ক্ষতিগ্ৰস্ত হৈছিল । দুই শতাধিকৰ মৃত্যু হৈছিল । অসমৰ প্ৰাকৃতিক দুৰ্যোগৰ ইতিহাসৰ এক কৰুণ অধ্যায় হল ২০০৪ চনৰ কৃষ্ণাই-বলবলাৰ বান ।
এতিয়া আহো কৃষ্ণাই-বলবলাৰ বানৰ প্ৰসঙ্গ অৱতাৰণা কৰিবলগীয়া হোৱা মূল বিষয়লৈ। অফিচত আলোচনা হ'ল কৃষ্ণাই-বলবলালৈ ৰিপ'ৰ্টাৰ পঠিয়াব লাগে । আনোৱাৰ দাই ( প্ৰয়াত অনোৱাৰ হুছেইন ) কলে - 'ধ্ৰুৱ তুমি গুচি যোৱা পুৱা কৃষ্ণাই , বলবলালৈ। লগত চিন্ময় যাব। ' মানে জ্যেষ্ঠ ফটো সাংবাদিক চিন্ময় দা । মই হব বুলি কলো। পুৱা অফিচত গাড়ী সাজু আছিল । চিন্ময় দা, মোৰ যাত্ৰা আৰম্ভ হল । গুৱাহাটীত ৰাস্তাৰ কাষৰ চাহ দোকানত কিবা অলপ খাই আমি ওলাই দিলোঁ । কাৰণ সেইফালে দোকান - পোহাৰ সব বন্ধ আছিল । প্ৰায় আঢ়ৈ - তিনি ঘণ্টা মান যাত্ৰাৰ অন্তত আমি কৃষ্ণাই - বলবলা পালো । তেতিয়া জলস্তৰ নামিছিল । ৰাস্তাৰে গৈ থাকোঁতে দেখিছিলো পথাৰৰ মাজত গাড়ী , গুমটি আদি । মানে পানীৰ ঢলত উটি গৈছিল এইবোৰ ।
বলবলাৰ পৰিস্থিতি আৰু ভয়ানক আছিল । সকলো মানুহ ৰাষ্ট্ৰীয় ঘাইপথত । চিঞৰ-বাখৰ, কন্দা কটা । আমি গাড়ীৰ পৰা নামি খোজ কঢ়া আৰম্ভ কৰিলোঁ । এজনে কলে - দলঙৰ সিপাৰে যাওক , ৰাস্তাত বহু ডেডবডি আছে । চিন্ময় দা মই আগবাঢ়িলো । উফ !! কি যে ভয়ানক দৃশ্য আছিল সেয়া । ৰাষ্ট্ৰীয় ঘাইপথৰ নামনিত শাৰী পাতি বগা কাপোৰেৰে ঢাকি পেলাই থোৱা হৈছিল মৃতদেহবোৰ। এচাম লোকে আকৌ সেনাৰ উদ্ধাৰকাৰী নাও কেইখন পাৰলৈ অহাৰ বাবে বাট চাইছিল । মানে সেনাই মৃতদেহবোৰ উদ্ধাৰ কৰি পাৰলৈ আনি আছিল । তাত নিখোজ আত্মীয়ক বিচাৰি ভিৰ কৰিছিল লোক সকলে। আমাৰ চকুৰ সন্মুখতে সেনা জোৱানে নাওৰ পৰা কেবাটাও মৃতদেহ পাৰলৈ আনিলে । ৰদ আছিল সেইদিনা । মৃতদেহ বোৰ ফুলি উঠিছিল । বিয়পিছিল দূৰ্গন্ধ। চিন্ময় দা ফটো তোলাত ব্যস্ত হৈছিল ।
মইও দুই-এজন স্থানীয় লোকৰ সৈতে কথা পাতি পৰিস্থিতিৰ বুজ ললো । বান অহা ৰাতিটোৰ ভয়াবহ বৰ্ণনা শুনিলো । কথাবোৰ কিছু টুকি ললো । ইফালে সিফালে চাই দেখো চিন্ময় দা নাই । কত গল মানুহজন ? ৰাষ্ট্ৰীয় ঘাইপথৰ নামনিত চাই দেখিছিলো তেওঁক সেনা জোৱান এজনে লাইফ জেকেট পিন্ধাই দি আছে । মোৰ বুজিবলৈ বাকী নাথাকিল যে তেওঁ সেনাৰ উদ্ধাৰকাৰী নাওত যাব । মোক কৈছিল - গৈ আহো ৰবা , গাঁওৰ ভিতৰতহে আচল ফটো পাম । মই কৈছিলো - সোনকালে আহিব , উভতি গৈ story file কৰিব আছে । ইতিমধ্যে তেওঁক মাস্কো লগাই দিছিল । কাৰণ মৃতদেহৰ দুর্গন্ধ সহিব লাগিব যে ! সেনাৰ নাওত তেওঁ গুচি গৈছিল । মই পাৰত থাকি কথাবোৰ আৰু বিস্তৃতভাবে শুনাত লাগি গলো।
বেলি লহিয়াব ধৰিছিল।বিয়লি প্ৰায় ২ বাজো বাজো । চিন্ময় দাৰ দেখাদেখি নাই । সেনাৰ নাও দুই এখন পাৰলৈ আহি আছে , কিন্তু তেওঁ নাই । এতিয়াৰ দৰে mobile নেটৱৰ্কও নাছিল । মই মৃতদেহ নমোৱা ঠাইত ৰৈ থাকিলো তেখেতক । অৱশেষত তেওঁ ওলাল । সেনাৰ নাওত তিনি - চাৰিটা মৃতদেহৰ সৈতে চিন্ময় দা পাৰলৈ আহি মোৰ আগত বৰ্ণনা কৰিছিল ভয়াবহ দৃশ্যবোৰ। ইয়াৰ পিছত আমি ততাতৈয়াকৈ গাড়ীত বহিলো । উদ্দেশ্য আছিল মৃতদেহবোৰ কবৰ দিয়া ঠাইখিনি চাই যোৱাৰ । তাত সোমাই দেখিছিলো বুকু ফাটি যোৱা দৃশ্যবোৰ।
গুৱাহাটী অভিমুখে আমাৰ যাত্ৰা আৰম্ভ হৈছিল । কৃষ্ণাই পাৰ হোৱাৰ পিছত চিন্ময় দাই আৰম্ভ কৰিছিল - এহ ! বৰ বেয়া লাগিল । সেইবুলি বেগখনৰ পৰা 'পোৱালী ' এটা উলিয়ালে । মানে কি বুজিছে নিশ্চয় ! মই আগৰ চিটত। তেওঁ পিছৰ চিটত অকলে। পোৱালী উলিয়ালেহে , পান কৰে কিদৰে ! একো নাই, দোকান বন্ধ । পানী বাৰু গাড়ীত আছিল । তেওঁ উচপিচাই আছে । দৰংগিৰি পাইছিলো। তেওঁ দেখিছিল এঠাইত পকা কল বিক্ৰী কৰি আছিল । গাড়ী ৰাখিব দি একেজাপে কল কিনি আনি তেওঁৰ কাম চলাই দিলে । মই আচৰিত হৈছিলো কলৰ সৈতেও পান কৰিব পৰা কেনে মানুহ এইজন ! আজি কালি পিছে তেওঁ সেইবিধ স্পৰ্শও নকৰে । সেই কথা তেওঁক জনা সকলোৱে জানে ।
চিন্ময় দাৰ বাবে এনেধৰণৰ অভিজ্ঞতা সেয়াই প্ৰথম নাছিল । তেজে ধোৱা অসমখন তেওঁ দেখিছে । গুপ্ত হত্যা দেখিছে । বোমা বিস্ফোৰণ দেখিছে । ৰাজনৈতিক উত্থান - পতন দেখিছে । মানুহ দেখিছে। দেখি থকা , লগ পাই থকা মানুহৰ পৰিবৰ্তনো তেওঁ দেখিছে । তেওঁ কিন্তু একেই আছে । গপ, ভেম নাই । একেই উদ্যমেৰে কেমেৰাটো খামুচি দৌৰি আছে । চিন্ময় দা চিৰপ্ৰবাহমান । পিছে হঠাৎ চিন্ময় দাক লৈ বাৰু কিয় লিখিলোঁ জানেনে ? তেওঁক লৈ এটা ভাল লগা খবৰ পাইছোঁ । গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰী এগৰাকীয়ে 4th semester ত দাখিল কৰিবলগীয়া Dissertation ৰ বিষয়বস্তু হৈছে চিন্ময় দা ।
' Photographic Analysis of Major Political issues in Assam through the lens of Chinmoy Roy in last three decades ( 1994 - 2024) ' এইটোৱেই Dissertation ৰ বিষয় বস্তু । ছাত্ৰীগৰাকীৰ নাম এনিশা বৰুৱা । তেওঁ চিন্ময় দাৰ দৰে এগৰাকী জ্যেষ্ঠ ফটো সাংবাদিকৰ কেমেৰাৰ লেন্সেৰে অসমৰ ছবিখন নিজৰ শৈক্ষিক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে । ইয়াৰ বাবে তেওঁক ধন্যবাদ জনাইছোঁ। আগতেই কৈছোঁ চিন্ময় দা গপ-ভেম নথকা মানুহ । অ', অলপ অভিমানী পিছে । আমাৰ লগত কেতিয়াবা অভিমান কৰে । পিছদিনা আকৌ আগৰ দৰে হয় । সেইগৰাকী চিন্ময় দাৰ কৰ্মৰাজিক বিশ্ববিদ্যালয়ৰ ছাত্ৰী এগৰাকীয়ে নিজৰ Dissertation ৰ বিষয় হিচাপে লোৱাত বৰ সুখী হৈছো । মোৰ বোধেৰে ফটো সাংবাদিকতা বা সামগ্ৰিক ভাৱে সংবাদ মাধ্যমৰ বাবে এয়া এক গৌৰৱৰ বিষয় ।