dangor kotha  
মুখ্য-পৃষ্ঠা

ৰঙাপৰাত পুত্ৰৰ হাতত প্ৰাণ গ’ল জন্মদাত্ৰী মাতৃৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ ৰঙাপৰাত সংঘটিত হৈছে নৃসংশ হত্যাকাণ্ড ৷ জন্মদাতা মাতৃক হত্যা কৰিলে পুত্ৰই ৷ ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত লাইডাঙপাৰাত সংঘটিত হৈছে এই জঘন্য হত্যাকাণ্ডটি ৷ নিশা পুত্ৰ মংগল সিং নাৰ্জাৰীয়ে মাতৃ মঞ্জু নাৰ্জাৰীক বাঁহৰে মৰিয়াই মৰিয়াই হত্যা কৰে ৷

নিশা দুয়োৰে মাজত কিবা কথাক লৈ কাজিয়াৰ সুত্ৰপাত ঘটাত পুত্ৰ মংগল সিং নাৰ্জাৰীয়ে মাতৃক ঘৰতে থকা এডাল বাঁহেৰে মুৰত প্ৰচণ্ড জোৰত প্ৰহাৰ কৰাত মাতৃ মঞ্জু নাৰ্জাৰীয়ে ঘটনাস্থলীতে মৃত্যৃক সাৱতি লয়৷ মাতৃক হত্যা কৰি হত্যাকাৰী পুত্ৰ মংগলসিং নাৰ্জাৰী ঘৰৰ পৰা পলায়ন কৰে ৷

স্থানীয় ৰাইজে ৰঙাপৰা আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মঞ্জু নাৰ্জাৰীৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষী থানালৈ নিয়ে ৷ শুকুৰবাৰে পুৱা হত্যাকাৰী পুত্ৰ মঙ্গল সিং নাৰ্জাৰীক ৰঙাপৰা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷