মুখ্য-পৃষ্ঠা

বিশ্বৰ ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদামৰ বিষয়ে...

Asomiya Pratidin
চৰাইদেউ মৈদাম, অসমবাসীৰ বাবে এক ঐতিহাসিক সমল। এই ঐতিহাসিক সমল বিধে অসমৰ সাংস্কৃতিক ঐতিহ্যক বিশ্ব দৰবাৰত চিনাকি কৰি দি বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃতি পালে। এই খবৰে স্বাভাৱিকতে প্ৰতিগৰাকী অসমীয়াক উৎফুল্লিত কৰিছে। অসমবাসীৰ বাবে ২৬জুলাই দিনটো ঐতিহাসিক দিন হিচাপে চিহ্নিত হৈ ৰ’ব ইতিহাসৰ পাতত। এই চৰাইদেউ মৈদামৰ সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ মোৰ মত শিতানত সৌৰভজ্যোতি ফুকনৰ এটা লেখা আগবঢ়োৱা হ'ল-

প্ৰাকৃতিক সৌন্দৰ্য আৰু সম্পদেৰে ভৰা আমাৰ সোণৰ অসমখন পৰ্যটনৰ ক্ষেত্ৰত এক উল্লেখযোগ্য স্থান। প্ৰতি বছৰে অসমলৈ দেশী-বিদেশী পৰ্যটকৰ আগমণ হয়। অসমৰ বনাঞ্চল, প্ৰাকৃতিক সৌন্দৰ্য আপুৰুগীয়া বনজ সম্প, জীৱ-জন্তুৰ বিভিন্ন প্ৰজাতি, আহোম ৰাজত্বৰ ইতিহাস প্ৰসিদ্ধ কীৰ্তিচিহ্ন, মঠ মন্দিৰ, দৌল-দেৱালয়-সত্ৰ, সাংস্কৃতিকপৰম্পৰা আৰু ঐতিহ্যৰ সাক্ষী দৰ্শন কৰাৰ মহত উদ্দেশ্য আগত লৈ অসমলৈ প্ৰতি বছৰে লক্ষাধিক পৰ্যটকৰ আগমণ ঘটে।

অসমৰ উল্লেখযোগ্য পৰ্যটনস্থলী সমূহৰ ভিতৰত চৰাইদেউ জিলাৰ অন্যতম (২০১৫চনৰ ১৫আগষ্টত অসম চৰকাৰে চৰাইদেউক জিলা হিচাপে ঘোষণা কৰিছিল। ইয়াৰ আগতে চৰাইদেউ শিৱসাগৰ জিলাৰ মহকুমা আছিল)। ১২২৮ খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ চাওলুং চুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহি ১২৫৩ চনত এই চৰাইদেউত আহোমসকলৰ প্ৰথম ৰাজধানী পাতিছিল।

আহোমসকল অহাৰ আগতে চৰাইদেউত মৰাণ, চুতীয়া আৰু বৰাহী জনগোষ্ঠীৰ বসতিস্থল আছিল বুলি জনা যায়। চৰাইদেউয়ে আহোমসকলৰ ৬০০বছৰীয়া ইতিহায় সাক্ষী বহন কৰি আহিছে। চৰাইদেউত আহোম স্বৰ্গদেউসকলৰ লগতে তেওঁলোকৰ ৰাজপৰিয়াল আৰু পৰিয়ালবৰ্গ, মন্ত্ৰী বিষয়াসকলক সন্মানসহকাৰে মৃত্যুৰ পিছত সমাধি দিয়া হয়।ইয়াক মৈদাম বুলি কোৱা হয়।

মৈ শব্দৰ অৰ্থ হল শিৰ বা মূৰ , দাম মানে মৃতক। আহোম পৰিয়ালৰ লোকৰ মৃত্যুৰ পিছত এইদৰে মৈদাম দিয়া হয়। মৃতকৰ লগত বহু মূল্যৱান অলংকাৰ, সা-সম্পত্তিৰ লগতে লিগিৰা-লিকচৌ, জীৱ-জন্তুৰো সমাধি দিয়াৰ (মৈদামসমূহত) প্ৰথা আছিল বুলি জনা যায়।

প্ৰবাদ মতে স্বৰ্গদেউ তথা ৰাজপৰিয়ালৰ সদস্যৰ মৃত্যু হলে প্ৰথমতে মাটিৰে ঢিপ সাজি তাৰ মাজত পকী বেৰ দি ভিমাটো (ঘৰ) গঢ়ি তাতে স্বৰ্গদেউজনক কবৰ নিয়া হয়। কাঠেৰে নিৰ্মিত উক্ত কবৰটোক ৰোং ডাং বুলি কোৱা হয়।

স্বৰ্গদেউজনৰ মৃত্যু হোৱাৰ পিছত নতুন স্বৰ্গদেউ সিংহাসনত নবহালৈকে তেওঁৰ মৃত্যুৰ বিষয়ে কাকো জনোলা নহয়। স্বৰ্গদেউজনৰ মৃতদেহটোৰ ওপৰত এবিধ বিশেষ ধৰণৰ দব্য(ৰস) ঢালি সংৰক্ষিত কৰি ৰাখি তেওঁৰ মৈডামটো নিৰ্মাণ কৰা হয়। পিছত নতুন স্বৰ্গদেউজন সিংহাসনত বঢ়াৰ পিছত মৃত স্বৰ্গদেউজনৰ মৃতদেঙ ধুই লৈ  আহোমসকলৰ নীতি নিয়মৰ মাজেৰে পূজা-অৰ্চনা কৰি মৈদামত সমাধি কৰা হয় বুলি প্ৰবাদ আছে।

চৰাইদেউৰ ডাঙৰ ডাঙৰ মৈদামসমূহৰৰ ওচৰত কিছুমান সৰু সৰু মৈদাম দেখিবলৈ পোৱা যায়।এই মৈদামবোৰক পেট মৈদাম বুলি কোৱা হয়।যত স্বৰ্গদেউসকলৰ মৰমৰ সন্তানসকলক সমাধি দিয়া হৈছিল। মৈদামসমূহ ভাল দৰে চোৱা-চিতা কৰিবলৈ এজন ব্যক্তি নিয়োগ কৰা হৈছিল আৰু তেওঁক মৈদামীয়া ফুকন বুলি জনা হৈছিল। তেওঁ মূলত: মৈদামসমূহৰ তত্ত্ববধায়ক আছিল। আনহাতে মৈদামসমূহ চাফ-চিকুণ কৰি ৰাখিবলৈ মোছাই ফুকন নামৰ এজন ব্যক্তি নিয়োগ কৰা হৈছিল। এই মোছাই ফুকনৰ অধীন থকা মানুহসকলে মৈদামসমূহ সুন্দৰকৈ চাফ-চিকুণ কৰি ৰাখিছিল।

উল্লেখযোগ্য যে মৈদামৰ ডিমা(ঘৰ) নিৰ্মাণ কৰোতে মাটি দাইল, গুৰ, বৰালিমাছ, চূণ, শামোকৰ খোলা ব্যৱহাৰ কৰা হৈছিল। চৰাইদেউত আহোমসকলৰ মৈদামৰ বাহিৰেও কছাৰী আৰু চুতীয়া ৰজা-ৰাণীৰ লগতে শত্ৰুপক্ষ(মোগল)ৰ কিছু বীৰ সৈনিকৰ মৈডাম দিয়া হৈছিল বুলিও বুৰঞ্জীত উল্লেখ আছে।

বুৰঞ্জীত উল্লেখ থকা মতে মীৰজুমলাৰ অসম আক্ৰমণৰ সময়ত (১৬৬২-৬৩) মীৰজুমলাই চৰাইদেউৰ মৈদামৰ স্বৰ্গদেউসকলৰ লগত দিয়া সোণ-ৰূপ, মণি-মুকুতাসমূহ হাতীৰ পিঠিত উঠাই লৈ গৈছিল। প্ৰবাদ মতে আহোম স্বৰ্গদেউ চাওলং চুকুফাক চৰাইদেউ মৈদামত পোন প্ৰথমে সমাধি দিয়া হৈছিল। চৰাইদেউত আহোম স্বৰ্গদেউ গদাধৰ সিংহ, ৰাজেশ্বৰ সিংহ, লক্ষ্মী সিংহকে আদি কৰি কেইবাজনো স্বৰ্গদেউৰ মৈদাম পোৱা গৈছে।

এই মৈদামসমূহৰ ওপৰত উঠি যাব নাপায় কাৰণ মৈদামসমূহে আহোমসকলৰ গভীৰ আধ্যাত্মিক বিশ্বাস, সমৃদ্ধ সভ্যতাৰ ঐতিহ্য আৰু স্থাপত্য কলাক প্ৰতিফলিত কৰি আহিছে। মৈদামসমূহৰ বাবেই চৰাইদেউ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু।

চৰাইদেউ জিলাৰ প্ৰায় ৯০টা মৈদাম আছে যদিও ৩০টা মৈদামহে ভাৰত চৰকাৰৰ পুৰাতত্ব বিভাগ আৰু অসম ৰাজ্যিক প্ৰত্নতত্ব বিভাগৰ দ্বাৰা সংৰক্ষণ কৰা হৈছে। চৰাইদেউ মৈদামক ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ দ্বাৰা সংৰক্ষিত তথা পৰিচালিত কৰা হয়। শেহতীয়াকৈ চৰাইদেউৰ মৈদামসমূহক সাংস্কৃতিক শ্ৰেণীৰ অধীনত ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হৈছে।

আহোম স্বৰ্গদেউসকল তথা ৰাজ পৰিয়ালৰ বীৰত্ব আৰু সাহসৰ অমৰ কথা বহন কৰি অহা এই মৈদামসমূগ সমগ্ৰ অসমবাসীৰ লগতে ভাৰতবাসীৰ বাবেও গৌৰৱৰ প্ৰতীক। চৰাইদেউ মৈদামৰ এই স্বীকৃতিৰ যোগেদি অসমৰ নাম সমগ্ৰ বিশ্বৰ দৰবাৰত জিলিকি উঠিব।

সাংস্কৃতিক শ্ৰেণীত উত্তৰ-পূব ভাৰতৰ প্ৰথম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ উপৰি কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যানৰ পিছত চৰাইদেউ মৈদাম অসমৰ তৃতীয় বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰে। নতুন দিল্লীত অনুষ্ঠিত হোৱা বিশ্ব ঐতিহ্য ক্ষেত্ৰ কমিটীৰ ৪৬ সংখ্যক অভিৱৰ্তনত চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ স্বীকৃতিৰে মহিয়ান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু তাৰেই ফলস্বৰূপে ২০২৪ চনৰ ২৬ জুলাইত ইউনেস্কৱে এই স্বীকৃতি প্ৰদান কৰে।

কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে উক্ত কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ স্বীকৃতি প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে মৈদামসমূহ সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰৰ প্ৰত্নতত্ব বিভাগ আৰু জিলা প্ৰশাসনলৈ আহ্বান জনাইছে। চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱাৰ লগে লগে চৰকাৰৰ লগতে জনসাধাৰণৰ কিছু কৰণীয় কাম আছে।

যিহেতু এতিয়া চৰাইদেউলৈ পৰ্যটকৰ আগমণ ঘটিব গতিকে চৰাইদেউ মৈদামলৈ যোৱা বাট-পথসমূহ যাতায়তৰ সুবিধা হোৱাকৈ নিৰ্মাণ কৰাত দায়িত্ব গ্ৰহণ কৰিব লাগিব। পৰ্যটকসকলে থকা-খোৱা কৰিবলৈ হোটেল আৰু পৰ্যটন ভৱনৰ সুব্যৱস্থা কৰিব লাগিব। নতুনকৈ অতিথিশালা নিৰ্মাণ কৰিব লাগিব (প্ৰয়োজন সাপাক্ষে)।

মৈদামসমূহ সুন্দৰভাৱে সংৰক্ষণ কৰাৰ লগতে পৰিস্কাৰ-পৰিচ্চন্নতা বজাই ৰাখিব লাগিব। চৰাইদেউ নগৰীখনক আৱৰ্জনামুক্ত কৰি ৰাখিব লাগিব যাতে পৰ্যটকসকলে ইয়াৰ সৌন্দৰ্য দেখি আপ্লুত হ’ব পাৰে।

গুৱাহাটী মহানগৰীৰ পৰা চৰাইদেউলৈ দূৰত্ব প্ৰায় ৩৭৬ কিলোমিটাৰ। চৰাইদেউলৈ যাবলৈ হ’লে বাছ, ট্ৰেইন অথবা বিমান সেৱাৰ সুন্দৰ ব্যৱস্থা আছে। শিৱসাগৰ জিলাৰ পৰা চৰাইদেউলৈ দূৰত্ব ৩০ কিলোমিটাৰ।

আপোনালোকেও এবাৰ আহি চৰাইদেউৰ মৈদামসমূহ দৰ্শন কৰি যাব পাৰে। আহোমসকলৰ ঐতিহ্যৰ সাক্ষী চৰাইদেউ মৈদামৰ কাৰণে চৰাইদেউ জিলা পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু...