মুখ্য-পৃষ্ঠা

১৫ ডিচেম্বৰৰ পৰা নগাঁও গ্ৰন্থ মেলা

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁও: সংস্কৃতিক গোষ্ঠী 'কল্লোল'ৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত এই বছৰত অনুষ্ঠিত হ'ব লগা নগাঁও গ্ৰন্থ মেলা ২০২৪ অহা ১৫-২২ডিচেম্বৰত অনুষ্ঠিত হ'ব। নগাঁও গ্ৰন্থ মেলাৰ সভাপতি আৰু বিধায়ক ৰূপক শৰ্মাৰ সভাপতিত্বত কল্লোল প্ৰাংগনত অনুষ্ঠিত হোৱা যোৱা ৭ছেপ্তেম্বৰৰ ৰাজহুৱা সভাত এই প্ৰস্তাৱ গৃহীত হয়।

এই সভাত নগাঁও গ্ৰন্থ মেলা ২০২২ৰ প্ৰতিবেদন আৰু আয় ব্যয়ৰ ৰাজহুৱা হিচাপ দাখিল কৰা হয়। সভাত গ্ৰন্থ মেলা ২০২৪ৰ বাবে ৰূপক শৰ্মাক সভাপতি, লোহিত কলিতা, সভাপতি কল্লোল, নৰেন্দ্ৰ কুমাৰ শ্বাহ,জিলা আয়ুক্ত নগাঁও কাৰ্যকৰী সভাপতি আৰু নৌচাদ আখতাৰ হাজৰিকা আৰু শিৱানন্দ কাকতিক সাধাৰণ সম্পাদক হিচাপে লৈ এখনি এঘাৰ জনীয়া কৰ্ণধাৰ কমিটি সৰ্বসন্মতি ভাৱে গঠন কৰা হয়। গ্ৰন্থ মেলা ঐতিহ্যৰ ধাৰাবাহিকতাত নগাঁও গ্ৰন্থ মেলাৰ গৌৰবময় পৰম্পৰাক অধিক বিকশিত কৰি নগাঁও গ্ৰন্থ মেলা ২৪ ক সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে সভাপতিৰ আসনৰ পৰা ৰূপক শৰ্মাই আহ্বান জনায়।