মুখ্য-পৃষ্ঠা

জটিল ৰোগত আক্ৰান্ত ছাত্ৰৰ চিকিৎসাৰ সমস্ত দায়িত্ব গ্ৰহণ মুখ্যমন্ত্ৰীৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁও : এগৰাকী মৰমলগা দশম শ্ৰেণীৰ অধ্যয়নৰত ছাত্ৰ।এই গৰাকী মেধাৱী ছাত্ৰ‌ই অসম আৰক্ষীত জনহিতাৰ্থে সেৱা কৰাৰ সপোন মনত পুহি ৰাখিছে। ছাত্ৰ গৰাকীৰ নাম শান্তো বনিয়া। শান্তোৰ ঘৰ নগাঁও জিলাৰ নগাঁও -বটদ্ৰবা সমষ্টিৰ অন্তৰ্গত উৰিয়া গাঁৱৰ চুতিয়াগাঁৱত। পিতৃ মাতৃৰ একমাত্ৰ সন্তান শান্তো। ভাল মানুহ হৈ সমাজৰ হকে কাম কৰাৰ বহু সপোন কঢ়িয়াই ফুৰা শান্তো বৰ্তমান আক্ৰান্ত এক অতি জটিল তথা অতিকৈ দুৰাৰোগ্য ৰোগত। ফলত শান্তোৰ ভাল মানুহ হোৱাৰ সপোনটোতো দূৰৰে কথা জীয়াই থকাটোতো বাধাৰ প্ৰাচীৰ হৈ ঠিয় দিছে এই দুৰাৰোগ্য ৰোগ বিধে।

ইপিনে শান্তোৰ পৰিয়ালটিৰ আৰ্থিক অৱস্থা অতি দুৰ্বল। শান্তোৰ পিতৃ বছৰ বছৰ ধৰি আক্ৰান্ত হৈ আছে হৃদৰোগত। দুবেলা দুমুথি অন্নৰ বাবেও বেমাৰী দেহাৰে জীৱন সংগ্ৰামত যুঁজি আছে শান্তোৰ পিতৃ দুৰ্গেশ্বৰ বনিয়াই।প্ৰথমাৱস্থাত সাধাৰণ ৰোগৰ দৰেই শান্তোৰ দেহত প্ৰৱেশ ঘটিছিল এই দুৰাৰোগ্য ৰোগ বিধৰ। পঢ়িবলৈ মন নোযোৱা হৈছিল আৰু শৰীৰটোৱে বৰ দুৰ্বল অনুভৱ কৰিছি ।আৰ তাৰ পৰা কেইটামান টকা যোগাৰ কৰি গুৱাহাটীলৈ পিতৃ মাতৃয়ে চিকিৎসাৰ বাবে লৈ গৈছিল শান্তোক।

ডেৰমাহ চিকিৎসাৰ অন্তত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে শান্তোৰ শৰীৰত ধৰা পেলাইছিল লিম্ফমা নামৰ জটিল ৰোগবিধৰ।ভয়াবহ ৰোগবিধৰ চিকিৎসাৰ বাবে গুৱাহাটীৰ চিকিৎসকে শান্তোৰ পিতৃ মাতৃক বেংগালুৰুৰ উন্নত চিকিৎসালয়ত অতি শীঘ্ৰেই ভৰ্ত্তি কৰোৱাৰ বাবে দিছিল উপদেশ।

এশ এটা সমস্যাৰে জৰ্জৰিত শান্তোৰ পৰিয়ালে কেনেকৈ শান্তোক চিকিৎসা কৰোৱাব বেংগালুৰুত। ই এক জটিল প্ৰশ্ন হৈ পৰিছিল। সকলো সা সম্পত্তি বিক্ৰী হৈছিল শান্তোৰ চিকিৎসাৰ নামতেই। উপায়ন্তৰ হৈ দুদিনমানৰ পূৰ্বে নগাঁ -বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ বাসগৃহত আহি উপস্থিত হয় শান্তো আৰু তেওঁৰ মাতৃ।

বিধায়ক গৰাকীয়ে শান্তোৰ উন্নত চিকিৎসাৰ ক্ষেত্ৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰিছিল। ইয়াৰ পিছতেই দেওবাৰে বিয়লি বিধায়ক ৰূপক শৰ্মা শান্তোৰ বাসগৃহত উপস্থিত হৈ শান্তোৰ উন্নত চিকিৎসাৰ সমগ্ৰ দায়িত্ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰাৰ কথা অৱগত ক। বেংগালুৰুৰ নাৰায়না হৃদয়লয়াত শান্তোৰ চিকিৎসা কৰা হ'ব। সোমবাৰৰ পৰা পূৰ্ণগতিত চিকিৎসা আৰম্ভ হ'ব বুলি বিধায়ক শৰ্মাই উল্লেখ কৰে।

উল্লেখ্য যে, বিধায়ক শৰ্মাই দুৰ্ভগীয়া পৰিয়ালটোৰ মুখত সন্তুষ্টিৰ হাঁহি বিৰিঙোৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক অলেখ ধন্যবাদ জ্ঞাপন কৰে। তেখেতে মুখ্যমন্ত্ৰীৰ মহানুৱতাৰ বাবে এয়া সম্ভৱ হৈ উঠিছে বুলি উল্লেখ কৰে।