মুখ্য-পৃষ্ঠা

নগাঁও বান পৰিস্থিতি সন্দৰ্ভত বৈঠকত মিলিত পীযুষ হাজৰীকা...

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁওঃ মঙলবাৰে নগাঁৱত উপস্থিত অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকা। এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰা উদ্দেশ্যে নগাঁৱত উপস্থিত হয় মন্ত্ৰী গৰাকী।

জিলাখনৰ বান পৰিস্থিতি সন্দৰ্ভত জিলা আয়ুক্ত,আৰক্ষী অধীক্ষক, বিধায়ক ৰূপক‌ শৰ্মা, জিতু গোস্বামীৰ সহিতে আন প্ৰশাসনিক বিষয়াৰ সৈতে আলোচনাত অংশ লয় মন্ত্ৰী হাজৰীকাই।

উল্লেখ্য যে,বানত ৪ লাখ মানুহ আৰু ৪৫০ টা ঘৰ ক্ষতিগ্ৰস্ত হোৱাৰ তথ্য দাঙি ধৰা লগতে অতি শীঘ্ৰেই বানত ক্ষতিগ্ৰস্ত সকলক সাহায্য প্ৰদানৰ আশ্বাস দিয়ে মন্ত্ৰী গৰাকীয়ে।

বাৰিষাৰ পাছতেই উন্নত প্ৰযুক্তিৰে কামপুৰৰ চাংচকীত মাথাউৰি নিৰ্মাণ কৰাৰ কথাও উল্লেখ কৰে। লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নগাঁও জিলাত ৬০ হাজাৰ ঘৰ নিৰ্মাণ কৰা হব আৰু জিলা খনৰ ৯৫% ঘৰেই পকী হব বুলি জনাই পীযুষ হাজৰীকাই।

এই সময়ছোৱাতে মন্ত্ৰী গৰাকীয়ে এটা বান‌ শিবিৰো পৰ্যবেক্ষণ কৰে।ৰত্নাকান্ত বৰকাকটি হাইস্কুলৰ বান শিবিৰত আশ্ৰয় লৈ থকা লোক সকলৰ অভাৱ অভিযোগৰো বুজ লয় মন্ত্ৰী হাজৰীকাই।