মুখ্য-পৃষ্ঠা

নগাঁৱত বানৰ আশংকাঃ বিপদসীমাৰ মাত্ৰ ১৯ছেণ্টিমিটাৰ তলেৰে বৈছে কপিলী

Asomiya Pratidin

ডিজিটেল সাংবাদ, কামপুৰঃ পুনৰ বানৰ আশংকাত ভুগিছে নগাঁৱৰ বহু অঞ্চলৰ লোক। মাত্ৰ কেইদিনমান আগতে নগাঁও জিলাৰ কামপুৰ, ৰহা, নগাঁও সদৰ ৰাজহ চক্ৰৰ বিস্তৃত এলেকা বানৰ কবলত আছিল। বানপানী শুকোৱাৰ লগে লগে বানাক্ৰান্ত লোকসকল নিজৰ আপোন ঘৰখনলৈ উভতি গৈছিলহে মাথো। কিন্তু এতিয়া এই ৰাজহচক্ৰ তিনিটাৰ লোকসকল পুনৰ বানপানীৰ কবলত পৰাৰ সম্ভাৱনাত চিন্তিত হৈ পৰিছে।

শনিবাৰৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নগাঁৱত পুনৰ বানপানী হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। কামপুৰত কপিলীৰ জলপৃষ্ঠ হ্ৰাস পাইছিল যদিও শনিবাৰে কপিলীৰ জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পাইছে। আজি সন্ধিয়া ৬বজাত জলসম্পদ বিভাগে দিয়া তথ্য অনুসৰি কামপুৰত কপিলী ৬০.৩১ মিটাৰৰে বৈ আছে।

কামপুৰত কপিলীৰ বিপদসীমাৰ স্তৰ ৬০.৫০ মিটাৰ। বৰ্তমান কপিলী বিপদসীমাৰ মাত্ৰ ১৯ ছেণ্টিমিটাৰ তলেৰে বৈ আছে যদিও জলপৃষ্ঠ ক্ৰমশ বৃদ্ধি হৈ আছে। এই গতিত বৰষুণ অব্যাহত থাকিলে নগাঁৱৰ কামপুৰ এলেকা পুনৰ বানৰ কবলত পৰাৰ সম্ভাৱনা সৃষ্টি হৈছে। ইতিমধ্যে নগাঁও জিলা প্ৰশাসনে কামপুৰৰ বকুলগুৰি এলেকাত সতৰ্কতা জাৰি কৰিছে।