মুখ্য-পৃষ্ঠা

নগাঁৱৰ মধুপুৰত অনুৰাগিনী সুৰ সংগীত বিদ্যালয়ৰ শুভাৰম্ভ

Asomiya Pratidin

ডিজিটেল সংবাদ,বেবেজীয়াঃ দেওবাৰে নগাঁও জিলাৰ মধুপুৰত অনুৰাগিনী সুৰ সংগীত নামৰ এখন বিদ্যালয়ৰ শুভাৰম্ভ কৰা হয়। পুৱা বন্তি প্ৰজ্বলন কৰে স্থানীয় বিশিষ্ট ব্যক্তি চম্পেশ্বৰ নাথে। প্ৰৱেশ দ্বাৰ মুকলি কৰে সমাজ সেৱক মানস প্ৰতীম শইকীয়াই। বিদ্যালয়খনত লোকগীত, বৰগীত,শাস্ত্ৰীয় সংগীত আৰু খোলবাদনৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। বিদ্যালয় শুভাৰম্ভ অনুষ্ঠানত মূখ্য অতিথিৰ ভাষণ প্ৰদান কৰি বকুল বনবঁটা প্ৰাপক তথা লোকগীতৰ শিল্পী দেৱকান্ত শইকীয়াই কয় যে সাম্প্ৰতিক সময়ত লোকগীতৰ প্ৰতি নৱপ্ৰজন্মৰ আস্থা কমি আহিছে। লোকগীত এটা জাতিৰ পৰিচয়। লোকগীত আৰু গুৰু দুজনাৰ সৃষ্টিৰাজি নৱপ্ৰজন্মৰ মাজলৈ লৈ যাবৰ বাবে সংগীত বিদ্যালয়খনে কৰা প্ৰয়াসক প্ৰশংসা কৰি শইকীয়াই লোকগীতক সংগীত হিচাপে জীয়াই ৰাখিবলৈ সকলোকে আহ্বান জনায়।

সভাত অংশগ্ৰহণ কৰি সাংবাদিক দেৱজিৎ হাজৰিকাই কয় যে সংগীতে মানুহক অনাবিল আনন্দ প্ৰদান কৰে।নগাঁও অনাতাৰ কেন্দ্ৰৰ ঘোষক বিশ্বজিৎ কাকতিয়ে পৰিচালনা কৰা সভাত শিক্ষাবিদ খগেন মেহেলা,বৰ্ণালী মেহেলা,ৰোহিনী কান্ত নাথ,পুষ্প হাজৰিকা,গিৰীশ চন্দ্ৰ নাথ,জিতুমণি হাজৰিকা,চম্পক ৰাজখোৱা,প্ৰতিভা নাথ,মহেন্দ্ৰ বৰা,সঞ্জীৱ বৰ্মন,চম্পেশ্বৰ নাথ,মানস প্ৰতীম শইকীয়া,দিপ্তী বৰঠাকুৰ,প্ৰশিক্ষক বন্তি বৰদলৈয়ে অংশগ্ৰহণ কৰে। সভাত অঞ্জু তামুলীয়ে কবিতা আবৃত্তি,বিজয়া নাথে আধুনিক গীত,কস্তূৰী শইকীয়া, সপ্তমী দেৱী,জ্যোতিস্মিতা শইকীয়াই বিহু নৃত্য পৰিবেশন কৰে।