মুখ্য-পৃষ্ঠা

নগাঁৱত প্ৰথমবাৰৰ বাবে সংস্কৃতত অভিজ্ঞানশকুন্তলম্...

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাওঁঃ দেৱ ভাষা সংস্কৃতত নাটক অভিজ্ঞানশকুন্তলম”। নগাঁৱত পোন প্ৰথম বাৰৰ বাবে সংস্কৃত ভাষাত পূৰ্ণাঙ্গ ৰূপক অভিনীত হ’ল নাটকখনি । নগাওঁ জিলা সংস্কৃত ভাষা বিকাশ মঞ্চৰ নাট্য নিবেদন অভিজ্ঞানশকুন্তলম সম্পাদনা আৰু মঞ্চ অভিযোজনা কৰিছে গুণ শইকীয়াই ।

নগাঁও জিলা পুথিভড়ালৰ প্ৰেক্ষাগৃহত শৰৎৰ সন্ধ্যা অনুষ্ঠিত অভিজ্ঞানশকুন্তলম'ৰ উদ্বোধন কৰে শিক্ষাবিদ , প্ৰাক্তন মন্ত্ৰী গিৰিন্দ্ৰ কুমাৰ বৰুৱাই । শুভ উদ্বোধনৰ পূৰ্বে যজ্ঞপতি শ্বাস্ত্ৰী , উপেন্দ্ৰ বৰকটকী , মুকুল শৰ্মা , বিপুল কটকী , গিৰীন্দ্ৰ কুমাৰ বৰুৱাই এগচকিকৈ বন্তি প্ৰজলন কৰে ।

গুৰু গুণ শইকীয়াৰ ভৰি স্পৰ্শ কৰি শিষ্য গিৰিন্দ্ৰ কুমাৰ বৰুৱাই মঞ্চ মুকলি কৰি কয় যে আজি নাটকখনি পূৰ্নাঙ্গ ৰূপত প্ৰথম বাৰৰ বাবে সংস্কৃত ভাষাত অভিনীত কৰা হৈছে । অমৃততকৈ মিঠা সংস্কৃত ভাষা ।

সংস্কৃতৰ পৃষ্ঠভূমিক সদায় সন্মান জনায় আগবাঢ়ি যাব লাগিব । নাটকখনি সম্পাদনা কৰা গুণ শইকীয়াই কয় যে মূল সংস্কৃত নাটকখনকে ইয়াত পাব । কলা কুশলী সকলে কষ্ট কৰিছে । সফলতা প্ৰাপ্তি বুলিব পাৰি ।

নাটকখনিৰ বিভিন্ন চৰিত্ৰত আছে ৰুবুল মহন্ত , নিৰ্মান জ্যোতি মুক্তিয়াৰ , তন্মী ফুকন, নিবেদিতা গৌতম, চিংকি কলিতা বৰা, দিজেন শৰ্মা , বৰ্নালী পৰাশৰ , পুতুল শৰ্মা , বিকাশ বৰা , নবজ্যোতি গোস্বামী , লক্ষ্যজ্যোতি গোস্বামী , প্ৰকাশ শইকীয়া , যুগল হাজৰিকা , প্ৰশান্ত গোস্বামী , সত্যপ্ৰশাদ শৰ্মা , কমলেশ শইকীয়া আদিয়ে । নাটকখনৰ পৰিচালক ৰাজেন ফুকন , সহযোগী পৰিচালক ড দ্বিজেন শৰ্মা , সংগীত পৰিচালক দীপক কুমাৰ শৰ্মাৰ ।