মুখ্য-পৃষ্ঠা

এগৰাকী বৃদ্ধৰ মৃতদেহ উদ্ধাৰক লৈ নগাঁৱত চাঞ্চল্য...

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁও : নগাঁও চহৰৰ খ্ৰীষ্টানপট্টী এ ডি পি পথত আজি পুৱা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। নিজৰ ঘৰৰ চৌহদত এজন ৭৪ বছৰীয়া বৃদ্ধৰ চীপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱাত এলেকাটোত হুৱাদুৱাৰ সৃষ্টি হয়। মৃতদেহ উদ্ধাৰ হোৱা লোকজন হল অনুপ কুমাৰ গাংগুলী।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত নগাঁৱৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। কি পৰিস্থিতিত আৰু কেনেকৈ লোকজনে এই অবাঞ্চিত পথ।বাচি ললে সেয়া জানিব পৰা হোৱা নাই।আৰক্ষীৰ সঠিক তদন্ততহে সমগ্র ঘটনা পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

জানিব পৰা মতে লোকজনে সদায় নিচেই পুৱা প্ৰাত:ভ্ৰমণ কৰে যদিও আজি প্ৰাত :ভ্ৰমণলৈ ওলাই অহাৰ পিছত এই ঘটনা সংঘটিত হয়।লোকজন ব্যৱসায়ৰ লগত জড়িত আৰু অবিবাহিত বুলি জানিব পৰা গৈছে ।