মুখ্য-পৃষ্ঠা

বিহাৰত খেলি-মেলি! ১৯জুনত বিহাৰত নীতিশৰ সৈতে কিয় বৈঠকত বহিব প্ৰধানমন্ত্ৰী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শপতগ্ৰহণৰ ১০দিনৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিহাৰ ভ্ৰমণক লৈ নানান চৰ্চা ইতিমধ্যে আৰম্ভ হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, তৃতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ পাছত নৰেন্দ্ৰ মোডীৰ এয়া প্ৰথম বিহাৰ ভ্ৰমণ। এই বিহাৰ ভ্ৰমণতে প্ৰধানমন্ত্ৰীয়ে নীতিশ কুমাৰৰ সৈতে এক গুৰত্বপূৰ্ণ বৈঠকত মিলিত হ'ব।

এই বৈঠকত কি বিষয় আলোচনা হব, সেই কথা যদিও এতিয়ালৈকে ৰাজহুৱা হোৱা নাই। তথাপি বিহাৰৰ স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে, আগন্তুক লোকসভা অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে লোকসভা অধ্যক্ষক লৈ জে ডি ইউয়ে কৰা দাবীৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে নীতিশ কুমাৰৰ সৈতে কিছু আলোচনাত বহিব।

উল্লেখ কৰা প্ৰয়োজন যে, লোকসভা অধ্যক্ষ পদটো বিচাৰি ইতিমধ্যে এন ডি এৰ মজিয়াত দাবী উত্থাপন কৰিছে জে ডি ইউ আৰু টি ডি পিয়ে। দুয়োটা দলক সন্তুষ্ট কৰাৰ বাবে বিজেপিয়ে নেতৃত্বৰ সৈতে বহুকেইখন আলোচনাতো বহিছে।  আৰু তেনে এক আলোচনাতেই নীতিশ কুমাৰৰ সৈতে অহা ১৯জুনত প্ৰধানমন্ত্ৰী মিলিত হব বুলি ধাৰণা কৰা হৈছে।

১৯জুনৰ এই প্ৰধানমন্ত্ৰীয়ে নালন্দা বিশ্ববিদ্যালয়ৰ এটা নৱনিৰ্মিত ভৱনো উদ্বোধন কৰিব। ইয়াৰ লগতে বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ সৈতেও এক আলোচনাত বহিব প্ৰধানমন্ত্ৰীগৰাকী। পুৱা প্ৰায় ১০বজাত বিহাৰত উপস্থিত হোৱাৰ পাছত ১১.৪৫বজাত সামৰণি পৰিব এই অনুষ্ঠানৰ। ইয়াৰ পিছতে বিহাৰৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত বহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।