মুখ্য-পৃষ্ঠা

চাপৰৰ শালকোচাত নাথ যোগীৰ কেন্দ্ৰীয় শ্বহীদ দিৱসৰ লাইখুটা স্থাপন

Asomiya Pratidin

ডিজিটেল সংবাদ, চাপৰঃ দেওবাৰে চাপৰৰ শালকোচা ডেউল মন্দিৰ প্ৰাংগনত কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস পালন কৰাৰ লক্ষ্যৰে সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাযই লাইখুটা স্থাপন কৰে। বিলাসীপাৰা জিলা নাথ-যোগী ছাত্ৰ সন্থা উদ্যোগত শালকোচা আঞ্চলিক নাথ-যোগী ছাত্ৰ সন্থা আৰু শালকোচা ৰাইজৰ সহযোগত অহা ২০ ছেপ্টেম্বৰ তাৰিখে কেন্দ্ৰীয় শ্বহীদ দিৱসটি শালকোচা প্ৰৰ্শনপাৰা দেউল মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হ'ব। ধৰ্মীয় পৰম্পৰাগত আৰু ৰীতি-নীতিৰে লাইখুটা স্থাপন কৰে।

লাইখুটা স্থাপন কৰি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে সংগঠনটোৱে। সংগঠনটোৰ সভাপতি অৰবিন্দ নাথে কয় যে চৰকাৰক বহুবাৰ দাবী জনোৱাৰ পিছতও চৰকাৰে নাথ যোগীসকলৰ সমস্যাসমূহ গুৰুত্ব প্ৰদান কৰা নাই। অহা ২৬চনৰ বিধানসভাত ইয়াৰ ফল ভূগিব চৰকাৰে। নাথ যোগীসকলক জনজাতীয়কৰণ আৰু উপগ্ৰহীয় স্বায়ত্ব শাসিত পৰিষদৰ প্ৰদান নকৰিলে ২০ ছেপ্টেম্বৰৰ পিছত ৰাজপথৰ লগতে ঘৰে ঘৰে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি জানিবলৈ দিয়ে।