মুখ্য-পৃষ্ঠা

অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নয়না দেৱীয়ে...

Asomiya Pratidin

ডিজিটেল সংবাদ, ধেমাজি: এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ বিগত দহটা দিনে জীৱন মৃত্যুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে মৰিধল মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰী নয়না দেৱীয়ে ৷ যোৱা ১৯ আগষ্টৰ সন্ধিয়া মৰিধলৰ খজুৱাত সংঘটিত এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা ছাত্ৰীগৰাকীয়ে বুধবাৰে বিয়লি প্ৰায় ২.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে ৷

উল্লেখ্য যে, যোৱা ১৯ আগষ্টৰ সন্ধিয়া নয়না দেৱীয়ে মোমায়েকৰ ঘৰৰ পৰা নিজৰ ঘৰলৈ বুলি মৰিধলৰপৰা ধেমাজি অভিমুখী AS 22C 9768 নম্বৰৰ এখন অট'ত যাত্রী হিচাপে আহি থকা অৱস্থাতে ধেমাজি মৰিধল খজুৰাস্থিত পেট্রল ডিপুৰ সমীপত বিপৰীত দিশৰ পৰা অহা AS 07X 6965 নম্বৰৰ এখন স্ক'ৰপিঅ' গাড়ীয়ে সম্মুখৰ পৰা প্রচণ্ড জোৰত খুন্দা মৰাত অট'খনত একমাত্র যাত্রী হিচাপে থকা নয়না দেবী গুৰুতৰভাবে আঘাতপ্রাপ্ত হৈছিল।

পিছত অতি সংকটজনক অৱস্থাত থকা নয়নাক ধেমাজি অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও পিছত উন্নত চিকিৎসাৰ বাবে ডিব্রুগড়লৈ নিয়া হৈছিল ৷ প্ৰথম অৱস্থাত সংকটজনক অবস্থাত ডিব্ৰুগড়ৰ 'সৃষ্টি নার্চিং হ'ম'ত ভৰ্তি কৰা হৈছিল যদিও জটিল অৱস্থাত থকা নয়নাক শেহতীয়াকৈ অসম চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত ৰখা হৈছিল ৷ শৰীৰৰ বিভিন্ন অংশত গুৰুতৰ জখম লৈ চিকিৎসাধীন হৈ থকা নয়নাই বিগত দহটা দিনেই ভেন্টিলেচনৰ মাজত জীৱন মৃত্যুৰে যুঁজিছিল ৷

মৰিধল মহাবিদ্যালয়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ দুৰ-সংযোগী পাঠ্যক্ৰমৰ স্নাতকোত্তৰ শাখাৰ দ্বিতীয় ষান্মাষিকৰ(অসমীয়া বিভাগৰ) ছাত্ৰী নয়না দেৱীৰ মৃত্যুৰ বাতৰিয়ে শোকস্তব্ধ কৰি তুলিছে সকলোকে ৷ ছাত্ৰীগৰাকীৰ আশু আৰোগ্যৰ বাবে সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল যদিও তাই আজি কৰুণ মৃত্যুক সাৱতি লয় ৷ মেধাৱী ছাত্ৰীগৰাকীৰ মৃত্যুত সমগ্ৰ মৰিধল মহাবিদ্যালয় পৰিয়ালবৰ্গ, বিভিন্ন ছাত্ৰ সংগঠন তথা শুভাকাংক্ষী সকলোৱে গভীৰ শোক প্ৰকাশ কৰিছে ৷