মুখ্য-পৃষ্ঠা

নাজিৰাত আলফা স্বাধীনৰ নামত ধনদাবী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আলফা স্বাধীনৰ নামত ধন দাবী কৰি নাজিৰাৰ বিহুবৰত ছালফাসহ আটক হৈছে কেইবাজনো যুৱক।  সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এতিয়ালৈকে ৪গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আনহাতে সোধ-পোচৰ বাবে কেইবাজনকো থানাত আটক কৰি ৰাখিছে।

প্ৰাপ্ত খবৰ অনুসৰি, বিহুবৰ আৰু চন্টকত ব্যৱসায়ীক ধনদাবী কৰি আটক যুৱক কেইজন৷ গ্ৰেপ্তাৰ হোৱা যুৱক কেইজন প্ৰশান্ত চেতিয়া(ছালফা), কাঞ্চন বৰুৱা, পংকজ বৰগোঁহাই, ৰাহুল ৰাজখোৱা ৷ বিহুবৰ শিমলুগুৰি সোনাৰি আৰু শিৱসাগৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে যুৱককেইজনক।