মুখ্য-পৃষ্ঠা

NEET-UG পৰীক্ষা কেলেংকাৰীক লৈ আজি নহয় শুনানিঃ ১৮ জুলাইলৈ কৰিব লাগিব অপেক্ষা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ নীট-ইউ জি পৰীক্ষাৰ কেলেংকাৰীক লৈ উচ্চতম ন্যায়ালয়ৰ শুনানি ১৮জুলাইলৈ পিছুৱাই দিয়া হৈছে। ১১জুলাইত শুনানি গ্ৰহণ কৰি ৰায় প্ৰদান কৰাৰ কথা আছিল যদিও বিশেষ কাৰনত স্থগিত কৰা হয় এই প্ৰক্ৰিয়া। এই সমগ্ৰ বিষয়ৰ ওপৰত অহা ১৮জুলাইত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে।

উল্লেখ কৰা প্ৰয়োজন যে, যোৱা ৮জুলাইতে উচ্চতম ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰে চিবিআই,এন টি এৰ সমগ্ৰ তদন্তৰ তথ্য দাখিল কৰিছে। কেন্দ্ৰীয় চৰকাৰে লগতে আবেদন কৰি অনুৰোধ কৰিছে যে, পুনৰ নীট পৰীক্ষা অনুষ্ঠিত কৰাৰ পক্ষপাতী নহয় কেন্দ্ৰীয় চৰকাৰ।

কেন্দ্ৰীয় চৰকাৰৰ এই আবেদনক লৈ শেহতীয়াকৈ এই সমগ্ৰ বিষয়ত শুনানি গ্ৰহণ কৰিব লগা মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয় যে, যদিহে এই পৰীক্ষাৰ পৱিত্ৰতা ছাত্ৰ সমাজৰ মাজত হ্ৰাস পাইছে, তেন্তে নিশ্চিতভাৱে পৰীক্ষা অনুষ্ঠিত কৰিবই লাগিব। তাৰ কোনো বিকল্প নাই।

আনফালে শিক্ষাৰ্থীসকলেও পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আবেদন কৰিছে উচ্চতম ন্যায়ালয়ত। ভিন্ন যুক্তিৰ প্ৰায় ৪০খন আবেদন বিবেচনা কৰি ১১জুলাই উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰাৰ কথা আছিল যদিও হঠাতে স্থগিত ৰখা হয় এই শুনানি প্ৰক্ৰিয়া।