মুখ্য-পৃষ্ঠা

নেপালত বিমান দুৰ্ঘটনাঃ কৰ্মচাৰীকে ধৰি ১৯জন লোক আছিল বিমানখনত

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বুধবাৰে নেপালৰ কাঠমাণ্ডুত সংঘটিত হৈছে বিমান দুৰ্ঘটনা। দিনৰ প্ৰায় ১১ বজাত ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সৌৰ্য এয়াৰলাইনৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। তথ্য অনুসৰি দুৰ্ঘটনাৰ সময়ছোৱাত বিমানখনত কৰ্মচাৰীকে ধৰি ১৯জন লোক আছিল।

ইতিমধ্যে দুৰ্ঘটনাগ্ৰস্থ বিমানখনৰ উদ্ধাৰৰ কাম আৰম্ভ হৈছে। উৰণৰ সময়ত বিমানখন ৰাণৱেৰ পৰা পিছলি যোৱা ফলত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাগ্ৰস্থ বিমানখন কাঠমাণ্ডুৰ পৰা পোখাৰা অভিমুখী আছিল।

উল্লেখ্য যে, নেপালত বছৰি গড়ে প্ৰায় এটা বিমান দুৰ্ঘটনা হয়। ২০১০ চনৰ পৰা হিমালয়ৰ বিমান দুৰ্ঘটনাকে ধৰি কমেও ১২টা মাৰাত্মক বিমান দুৰ্ঘটনা সংঘটিত হৈছে।