মুখ্য-পৃষ্ঠা

কলিয়াবৰত কবি সন্মিলন তথা নেপালী গ্ৰন্থ উন্মোচন...

Asomiya Pratidin

ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰ ভানু সমিতিৰ উদ্যোগত কলিয়াবৰৰ চুলুংস্থিত গ্ৰীণ আচিয়ানাৰ সভাকক্ষত সোমবাৰে এখনি বহু ভাষিক কবি সন্মিলন আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। এই উদ্দেশ্যেৰে অনুষ্ঠিত হোৱা এখনি সভাত সভাপতিত্ব কৰে সমিতিৰ সভাপতি নৰ বাহাদুৰ চেত্ৰীয়ে ।

সভাৰ উদ্দ্যেশ্য ব্যাখ্যা কৰে সমিতিৰ সম্পাদক দিলীপ খতিৱড়াই। নেপালী আদিকবি ভানুভক্ত আচাৰ্যৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু সন্মুখত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা সভাৰ আৰম্ভণিতে ক্ৰমে কাব্যশ্ৰী আত্ৰেয় আৰু উদ্ধৱ উপাধ্যায়ে শ্ৰীমদ্ভাগৱত গীতাৰ প্ৰথম অধ্যায় পাঠ কৰে। কলিয়াবৰ ভানু সমিতিৰ কৰ্মকৰ্তা সকলে শিল্পী পেঞ্চন প্ৰাপক প্ৰয়াত আৰতি নেৱাৰৰ দ্বাৰা ৰচিত আৰু সুৰ দিয়া সমবেত সংগীত পৰিৱেশন কৰি সকলোকে মুগ্ধ কৰে।

সভাত কলিয়াবৰৰ হাতীখোৱা নিৱাসী শিক্ষয়িত্ৰী তথা বিশিষ্টা লেখিকা কল্পনা দেৱী আত্ৰেয়ৰ "সৃজনা আৰু অভিব্যক্তি" শীৰ্ষক নেপালী ভাষাৰ নিৱন্ধ সংকলন খনি উন্মোচন কৰা হয়। গ্ৰন্থখনি উন্মোচন কৰে সাহিত্যিক তথা বিশিষ্ট সমালোচক অসম নেপালী সাহিত্য সভাৰ উপ-সভাপতি তথা ২০১৬ত অনুবাদ সাহিত্যত সাহিত্য একাডেমী বঁটা প্ৰাপক জ্ঞান বাহাদুৰ চেত্ৰীয়ে। উন্মোচকগৰাকীয়ে আত্ৰেয়ৰ গ্ৰন্থ সৃষ্টিৰ অনুশীলনক অব্যাহত ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে কলিয়াবৰ ভানু সমিতিৰ উদ্যোগৰ প্ৰশংসা কৰে।

অনুবাদ সাহিত্যত ২০১৭ চনত সাহিত্য একাডেমী বঁটা প্ৰাপক চন্দ্ৰ মণি উপাধ্যায়‌ই উন্মোচনী গ্ৰন্থখনিৰ বিষয়ে আলোকপাত কৰাৰ লগতে লিখনিৰ বিষয়বস্তু আৰু বৈদিক যুগৰ পৰা বৰ্তমানলৈ ভাৰত তথা অসমৰ বিদুষী নাৰীৰ অৱদানৰ কথা উল্লেখ কৰি সৃষ্টি কৰা নিৱন্ধই পাঠক বৰ্গক চিন্তাৰ খোৰাক যোগাব বুলি আশা প্ৰকাশ কৰে। কলিয়াবৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক উৎপল বৰাই গ্ৰন্থখনিয়ে পাঠক সমাজক উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে।

উক্ত সভাতে এখন বহু ভাষিক কবি সন্মিলন অনুষ্ঠিত হয়। সন্মিলনত অসম নেপালী সাহিত্য সভাৰ নগাঁও আৰু ওদালগুৰি জিলা সমিতিৰ সভাপতি ক্ৰমে ধন বাহাদুৰ চেত্ৰী আৰু লক্ষ্মণ অধিকাৰীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত ক্ৰমে ডা০ সবিতা শৰ্মা, নবপ্ৰভা অধিকাৰী, প্ৰজ্ঞা লুইটেল ,ৰঞ্জন দাহাল, কমলা দেৱী, প্ৰেম বিশ্বকৰ্মা, সন্তোষ মাহাতো, বেদাদ্বীপ উপাধ্যায়, মহিম আচার্য, লাবন্য দেৱী, দুলুমনি দেৱী, কল্পনা চেত্ৰী আদি বিভিন্ন জিলাৰ পৰা অহা কবি সকলে কবিতা পাঠ কৰি শ্ৰোতাক মুগ্ধ কৰে।

অনুষ্ঠানত অসম কবি সন্মিলনৰ সম্পাদক পৱন শৰ্মা, অসম নেপালী সাহিত্য সভাৰ নগাঁও জিলা সমিতিৰ কাৰ্যকৰী সভাপতি তথা নগাঁও চহৰৰ সাৰ্বজনীন নেপালী মন্দিৰ সমিতিৰ সস্পাদক ভৰত বৰাল , হাম্ৰ' স্বাভিমানৰ অসম প্ৰান্তৰ অধ্যক্ষ নাৰায়ণ খতিৱড়া আদিয়ে অংশগ্ৰহণ কৰে।