মুখ্য-পৃষ্ঠা

উৰিয়াগাঁৱৰ ৰাজপথত মৃত নৱজাতকঃ আৰক্ষীৰ হাতত নাই কোনো তথ্য...

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁওঃ নগাঁৱৰ ৰাজপথত এতিয়া সহজলভ্য নৱজাতক । মাজনিশা পাষান লোকে ৰাজপথত দলিয়াই থৈ যাবলৈ কুন্ঠবোধ নকৰে নৱজাতকক । কোনে কিয় ৰাজপথত নৱজাতক দলিয়াই পেলাই থৈ যায় তাৰ কোনো সঠিক তথ্য নাই নগাঁও আৰক্ষীৰ হাতত । নৱজাতক উদ্ধাৰৰ খবৰ আৰক্ষীক দিলে আৰক্ষীয়ে প্ৰকাশ কৰে অনিহা।

শুকুৰবাৰৰ নিশা উৰিয়াগাঁৱৰ ৰাজপথত উদ্ধাৰ হ’ল এটি নৱজাতক । কাপোৰেৰে মেৰিয়াই ৰাজপথত পেলাই দিয়া নৱজাতকটি নিশা ১ বাজি ৩০ মিনিটত প্ৰত্যক্ষ কৰিছিল এজন বাইক আৰোহীয়ে। আৰক্ষীক খবৰ দিয়াত ইটাচালী টাউন আৰক্ষী চকীৰ আৰক্ষীয়ে বিহুৰ কাৰ্যসূচীৰ দোহাই দি বিষয়টিৰ পৰা গা এৰাই চলিব বিচাৰিছিল ।

প্ৰথম স্থানীয় লোকে আৰক্ষীৰ পৰা সঁহাৰি নাপায় সাংবাদিকক খবৰ দিয়ে। সাংবাদিকৰ দল ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছত ইটাচালী আৰক্ষীক যোগাযোগ কৰে। আৰক্ষীয়ে তেতিয়াহে তৎপৰতা প্ৰদৰ্শন কৰি ঘটনাস্থলীত উপস্থিত হৈ নৱজাতকটিৰ মৃতদেহ উদ্ধাৰ কৰে ।

জানিব পৰা মতে নিশা উৰিয়াগাঁৱৰ খেলপথাৰৰ কাষতে থকা শিৱমন্দিৰৰ ওচৰত মৃত নৱজাতকটি দলিয়াই থৈ গৈছিল অজ্ঞাত লোকে । এক সুত্ৰৰ মতে এখন স্ক’পিঅ’ৰ পৰা লুঙিত বান্ধি আনি নৱজাতকৰ মৃতদেহটো পেলোৱা হৈছিল ।

কলঙপাৰৰ দলং পাৰ হৈ টোপোলাটো পেলাই  কোবাকুবিকৈ গাড়ীখন আঁতৰি গৈছিল। অৱশ্যে বিহুত কৰ্তব্য কৰি ভাগৰ লগা ইটাচালি আৰক্ষীয়ে বৰ্তমানলৈকো এই বিষয়ত সঠিক তদন্ত আগবঢ়াব পৰা নাই বুলি জানিব পৰা গৈছে ।