মুখ্য-পৃষ্ঠা

নৱনিযুক্ত ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যৰ শপতগ্ৰহণ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসমৰ নৱ নিযুক্ত ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই মঙলবাৰে ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বিজয় বিষ্ণয়ে নৱনিযুক্ত ৰাজ্যপালগৰাকীক শপতবাক্য পাঠ কৰোৱাব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি দুপৰীয়া এই শপতগ্ৰহণ হ'ব।

আজি শপতগ্ৰহণ কৰিবলগীয়া লক্ষ্মণপ্ৰসাদ আচাৰ্যক অসমৰ লগতে মণিপুৰৰ ৰাজ্যপাল হিচাপেও অতিৰিক্ত দায়িত্ব দিয়া হৈছে। লক্ষ্মণপ্ৰসাদ আচাৰ্যই ছিকিমৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।

আনহাতে ৰাজ্যৰ বৰ্তমানৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াক পঞ্জাৱৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ লগতে কেন্দ্ৰীয়শাসিত অঞ্চল চণ্ডীগড়ৰ প্ৰশাসক হিচাপেও নিযুক্তি দিয়া হৈছে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বিভিন্ন ৰাজ্যৰ নতুন ৰাজ্যপালসকলক নিযুক্তি দিছে।

এই নিৰ্দেশ অনুসৰি অসমৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাক ছত্তিশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ লহতে অসমসহ ৯খন ৰাজ্যপাল নতুনকৈ নিযুক্তি দিয়াৰ লহতে সালসলনি ঘটোৱা হৈছে।