মুখ্য-পৃষ্ঠা

ন্যায়িক ব্যৱস্থাত ডাঙৰ সলনিঃ এতিয়াৰে পৰা অন্ধ নহয় 'ন্যায়ৰ দেৱী', তৰোৱালৰ সলনি হাতত থাকিব সংবিধান...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেশৰ ন্যায়িক ব্যৱস্থাত আন এক আমূল পৰিৱৰ্তন। এতিয়াৰে পৰা অন্ধ নহয় লেডী জাষ্টিছ। দেশৰ ন্যায়পালিকা অন্ধ নহয়- এই বাৰ্তাৰে ভাৰতবৰ্ষৰ ন্যায়িক ব্যৱস্থা অন্যতম প্ৰতীক ন্যায়ৰ দেৱী তথা লেডী জাষ্টিছৰ প্ৰতিমূৰ্তিৰ আমূল পৰিৱৰ্তন সাধন কৰা হ'ল।

বুধবাৰে হঠাতে উচ্চতম ন্যায়ালয়ৰ পৰা আহিল এই খবৰটো। আমি সচৰাচৰ দেখি থকা ন্যায় দেৱীৰ প্ৰতিমূৰ্তিৰ চকুত বান্ধি থোৱা কাপোৰখন এতিয়াৰে পৰা আৰু নাথাকে। চকু খোলা অৱস্থাত থাকিব এই প্ৰতিমূৰ্তি। ইয়াৰ লগতে লেডী জাষ্টিছৰ প্ৰতিমূৰ্তিৰ হাতত যি তৰোৱাল আছিল তাৰ পৰিৱৰ্তে থাকিব ভাৰতৰ সংবিধান।

বৰ্তমানলৈকে দেশৰ কোনো এখন আদালতত এই নতুন প্ৰতিমূৰ্তি স্থাপন কৰা নাই যদিও দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নিৰ্দেশত এই প্ৰতিমূৰ্তিটোৰ পৰিৱৰ্তন কৰি ৰখা হৈছে উচ্চতম ন্যায়ালৰ পুথিভৰাঁলত। বৰ্তমানলৈকে এই প্ৰতিমূৰ্তিটো আনুষ্ঠানিকভাৱে পৰিৱৰ্তন কৰা হৈছে নে নাই সেই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা কোনো তথ্য সদৰি কৰা নাই। অৱশ্যে নতুন প্ৰতিমূৰ্তিটোৰ ফটো সকলোতে ভাইৰেল হৈছে।

এইখিনিতে এটা কথাও ঠিক যে, লেডী জাষ্টিছৰ প্ৰতিমূৰ্তিটো পৰিৱৰ্তনৰ বাবে কিছু প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগিব। গতিকে এই দিশলৈ চাই ইয়াক কাৰ্যকৰী কৰাৰ বাবে কিছুদিনৰ আৱশ্যকতাৰ স্থল নথকাও নহয়।

কিন্তু নতুন এই প্ৰতিমূৰ্তিৰ সন্দৰ্ভত মুখ্য ন্য়য়াধীশগৰাকীয়ে কয় যে, দেশৰ ন্যায় পালিকা অন্ধ নহয়। আৰু তৰোৱাখন আচলতে হিংসাৰ প্ৰতীক। কিন্তু আদালতে সদায় সংবিধান অনুসৰিহে বিচাৰ কৰে। অৱশ্যে পুৰণি মূৰ্তিৰ দৰে নতুন মূৰ্তিটো আছে পাল্লা।