মুখ্য-পৃষ্ঠা

গুৱাহাটীৰ বানপানী নিয়ন্ত্ৰণ এটা লাভজনক ব্যৱসায়ঃ গুৱাহাটী উন্নয়ন সমিতি

Asomiya Pratidin

ডিজিটেল সংবাদ,গুৱাহাটীঃ "গুৱাহাটীৰ কৃত্ৰিম বানৰ ৰং চাবলৈ এখন পৰ্যটনৰ আঁচনি ঘোষণা কৰক চৰকাৰে"- এই মন্তব্য গুৱাহাটী উন্নয়ন সমিতি সমূহৰ ঐক্য মঞ্চৰ সদস্য সমৰ বেজবৰুৱা, ঋত্বিক শইকীয়া আৰু প্ৰাগজ্যোতিষপুৰ সুৰক্ষা মঞ্চৰ কল্যাণ ভাগৱতীৰ।

গুৱাহাটীৰ কৃত্ৰিম বান সন্দৰ্ভত চৰকাৰৰ ওপৰত ক্ষোভ উজাৰি তেওঁলোকে কয় যে, ১৯৮২ চনতে তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে আধাৰশিলা স্থাপন কৰাৰ পাছতো চন্দ্ৰপুৰত অসমৰ ৰাজধানী নহ'ল। 'অস্থায়ী ভাবে' ঘোষিত দিশপুৰতেই স্থায়ী ৰাজধানী স্থাপিত হ'ল। সময়ত দিশপুৰতেই গুৱাহাটী কেন্দ্ৰিক এখন ৰাজধানী তথা মহানগৰ সময়ৰ গতিত গঢ় ল'লে। চাৰিখন পাহাৰ,নদী,বিল, সংৰক্ষিত বনাঞ্চলৰে এটা প্ৰাকৃতিক ভাৰাসাম্য থকা অঞ্চল গুৱাহাটী মহানগৰী চৰকাৰী নীতি-দুৰ্নীতি, নিৰ্মাণ-অপনিৰ্মাণ, সৃষ্টি -ধ্বংসৰে এতিয়া সমস্যাৰে জৰ্জৰিত এক কদৰ্য মহানগৰ।

লগতে কয় যে, এইখন গুৱাহাটী মহানগৰ, স্মাৰ্ট চিটি, উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰ মুখ, দক্ষিণ পূব এছিয়াৰ দুবাৰ মুখ দৰাচলতে একোৱেই নহ'ল। এতিয়া গুৱাহাটী এটা ধ্বংস স্তূপ। এজাক বৰষুণত গুৱাহাটী মহাসাগৰ হয় আৰু আন সময়ত শুকান বধ্যভূমি। বিশেষকৈ বৰ্তমানৰ গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংহল আৰু GMDA ৰ অধ্যক্ষ নাৰায়ণ ডেকাই দায়িত্ব লাভ কৰাৰ পৰা গুৱাহাটী এটা বিশৃঙ্খল ধ্বংস স্তূপলৈ পৰিণত হৈছে। কিন্তু মন্ত্ৰী অশোক সিংহলৰ মতে গুৱাহাটীত মেঘালয়ৰ বাবেহে পানী হয়।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো একে সুৰ। অৰ্থাৎ মেঘালয়ৰ পানী GSৰোডেৰে বৈ আহি নবীন নগৰ,অনিল নগৰ, গুৱাহাটী কৰ্মাচৰ সন্মুখত বানপানী সৃষ্টি কৰে! এতিয়া প্ৰশ্ন হ'ল গুৱাহাটীত বানপানী কিয় হয়। সাধাৰণ ভাৱে চিন্তা কৰিলেও অৰ্থটো বুজা যায় যে বৰষুণৰ পানী ওলাই যাবলৈ গুৱাহাটীত নলা নৰ্দমা নাই। 'নলা নৰ্দমা নাই' নহয় ; এই চৰকাৰৰ সংশ্লিষ্ট বিভাগ সমূহে নলা-নৰ্দমা নিৰ্মাণ কৰিব নাজানে বুলিও ক্ষোভ উজাৰে মঞ্চই।

গুৱাহাটীত নলা নৰ্দমা বৈজ্ঞানিক ভাবে নিৰ্মাণ কৰিবলৈ অভিযন্তা ঠিকাদাৰৰ অভাৱ। গুৱাহাটীৰ বেলতলাৰ ৱাইৰলেচ,ৰুক্মিণী গাঁৱৰ বৰষুণৰ পানী বৈ যাবলৈ বাহিনী নৈলৈ এটা নৰ্দমা নিৰ্মাণ কৰা হৈছিল বা আজি নিৰ্মিত হৈ আছে। এতিয়া নিৰ্মাণ হোৱা বা হৈ থকা নৰ্দমাটোৰে পানীখিনি ওলাই যোৱাৰ বাটতে নৰ্দমাটো বন্ধ কৰি দিয়া হ'ল। অৰ্থাৎ নৰ্দমাটো নদীলৈকে বনালেও নদীৰ সন্মুখত বন্ধ কৰি দিয়া হ'ল। বন্ধ কৰা ঠাইখিনিত সৰু এটা Reserver নিৰ্মাণ কৰা হৈছে।তাৰ পৰা নদীত পানীখিনি সিঁচি দিয়া হয়। তাৰ বাবে দুটাকৈ পাম্প চেট স্থাপন কৰা হৈছে। পিচে এই ব্যৱস্থা কিয় বুলিও প্ৰশ্ন কৰে?

এই ক্ষেত্ৰত কৰ্তৃপক্ষই কয় যে, নদীলৈ নৰ্দমা নিৰ্মাণ কৰোঁতে কাৰিকৰী বিসংগতিৰ বাবে নৰ্দমাটো বন্ধ কৰি দিবলগীয়া হ'ল। এয়াই সেইসকলৰ অভিযান্ত্ৰিক দক্ষতাৰ নমুনা।সেইবাবে এজাক বৰষুণতে বৃহত্তৰ ৰুক্মিণী গাঁও, ৱাইৰলেচ অঞ্চলত বানপানী হয়। এতিয়া বিকল্প বিচাৰি আকৌ সেই অবৈজ্ঞানিক নৰ্দমালৈ যাতে নদীৰ পানী উভতি নবয় তাৰ বাবে ৰুক্মিণী গাঁৱত স্থানীয় ৰাইজে বাঁহেৰে জিঅ' বেগ দি নদীক ভেটা দিয়াৰ ব্যৱস্থা কৰিছে। এতিয়া আকৌ সেই জনতাৰ ৰোষৰ পৰা ৰক্ষা পাবলৈ নলাৰ পুনৰ নিৰ্মানৰ কাম আৰম্ভ কৰিছে পৌৰ নিগমে। অৰ্থাৎ এটা নলাকে বাৰে বাৰে নিৰ্মাণ কৰা হৈছে।

এনেদৰে চলিছে গুৱাহাটীৰ বান নিয়ন্ত্ৰণ। এতিয়া আমি আহোঁ বাহিনী নৈৰ কথালৈ। বাহিনী নৈ খনন আৰু চাফাৰ বাবে যোৱা দুবছৰত প্ৰায় ১০ কোটি টকা অৰ্থহীন ভাবে খৰচ কৰিলে। কিন্তু কাগজে কলমে কাম হ'লেও বাস্তৱত একো কাম নহ'ল।মাথো ধনী হ'ল ঠিকাদাৰ। এইক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমৰ অভিযন্তায়ো বাহিনী নদীৰ ক'ত ক'ত খনন হ'ল বা হৈছে তাক দেখুৱাই দিব নোৱাৰিলে। নদী খনন নহ'ল আৰু নদীখনৰ অস্তিত্বও শেষ হৈ আহিছে।

অবৈধ বেদখল, খননৰ অভাৱত বাহিনী নৈ অস্তিত্বহীন প্ৰায়। বহু অঞ্চলত বাঢ়নী নৈ দুটা বা তিনিটা আওঁপুৰণি কাৰ্লভাৰ্টেৰে পাৰ হৈ গৈছে। কিন্তু গুৱাহাটীত ইতিমধ্যে চলিছে বান মুক্ত স্মাৰ্ট চিটিৰ কাম। নদীখনৰ অস্তিত্ব‌‌‌ নাথাকিলে বৰষুণৰ পানী কোন ফালে বৈ যাব?

ইয়াৰোপৰি অন্য এটা প্ৰসংগ উত্থাপন কৰি মঞ্চই কয় যে, গুৱাহাটীত কৃত্ৰিম বান ৰোধৰ স্বাৰ্থত শিলসাঁকোত উচ্ছেদ চলোৱা হৈছিল। গুৱাহাটীৰ পানী শিলসাঁকোৰে বোৱাই নিয়াৰ লগতে তাত পুখুৰী/সৰোবৰ খন্দাৰ কথা ঘোষণা কৰিছিল। কিন্তু শিলসাঁকোত সেই প্ৰকল্প সম্পূৰ্ণ হ'ল নে? শিলসাঁকোত বৃহৎ মাটিৰ দম দেখা পোৱা গৈছে। এতিয়াও জিঞ্জাৰ হোটেল,চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান অক্ষত অৱস্থাত আছে। গুৰুত্বপূৰ্ণ কথা হ'ল এটা ভিডিঅ'ত শেহতীয়াকৈ এজন যুৱকে দেখুৱাইছিল যে শিলসাঁকোলৈ নহয়, শিলসাঁকোৰ পানীহে গুৱাহাটীৰ ফালে বৈ যায়।

একেদৰে গুৱাহাটীবাসীৰ ওপৰত দোষ জাপি দিব বিচাৰিছে বিজেপিৰ সভাপতি ভৱেশ কলিতাই। বিজেপি নেতা কলিতাৰ অভিযোগ, মানুহে ডাষ্টবিনত জাবৰ নেপেলায়। এইক্ষেত্ৰত আমাৰ প্ৰশ্ন, গুৱাহাটীৰ দৰে ব্যস্ত মহানগৰখনৰ ৰাজপথত কেইটা ডাষ্টবিন আছে? ডাষ্টবিন ক'ত আছে , কিমানটা আছে সভাপতি কলিতাই হিচাপ কৰি ৰাইজক জনাব নে ? ডাষ্টবিন বুলিবলৈ প্ৰায় নায়েই। গতিকেই ৰাইজে আবৰ্জনা ক'ত পেলাব?

আকৌ গুৱাহাটীৰ নলা নৰ্দমা সমূহ নিৰ্মাণ কৰে লোক নিৰ্মাণ বিভাগে,নৈ খনন কৰে গুৱাহাটী পৌৰ নিগমে,GMDA য়ে গুৱাহাটীৰ নিৰ্মাণ কাৰ্য নিয়ন্ত্ৰণ কৰে। তেনে ক্ষেত্ৰত গুৱাহাটীৰ পৌৰ সভাৰ কাউন্সিলাৰৰ ক্ষমতা বৰ্তমান কি?

ইয়াৰ লগতে মঞ্চদ্বয়ে কয় যে, চৰকাৰে কেৱল দায় সৰা মন্তব্য কৰা বাদ দিয়ক। গুৱাহাটীৰ ৰাজপথৰ পৰা নলা নৰ্দমালৈ সকলো ধ্বংস স্তূপলৈ পৰিণত হৈছে। ইয়াৰ বাবে চৰকাৰে দায়িত্ব স্বীকাৰ কৰি গুৱাহাটীৰ সমস্যা সমাধানত গুৰুত্ব দিয়ক। 'শূণ্য সহনশীল নীতি'ৰ চৰকাৰখনে নলা নৰ্দমা,নৈ খননৰ ক্ষেত্ৰত হোৱা দুৰ্নীতিলৈ এবাৰ চকু মেলি চাওঁক। তাৰ পাছত গুৱাহাটীবাসীক নৈতিক জ্ঞান দিয়ক ৰজাঘৰীয়াই।