মুখ্য-পৃষ্ঠা

এন আই আৰ এফ ৰেংকিঙত স্থান লাভ অসমৰ দুখন বিশ্ববিদ্যালয়ৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, গুৱাহাটী: ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা এন আই আৰ এফ ৰেংকিং,২০২৪ত গুৱাহাটী বিশ্ববিদ্যালয়ে দেশৰ সকলো বিশ্ববিদ্যালয়ৰ ভিতৰত ৪০সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে। সমগ্ৰ দেশৰ ৰাজ্যিক কৃষি বিশ্ববিদ্যালয়ৰ মাজত গুৱাহাটী বিশ্ববিদ্যালয় ১৩ নম্বৰ স্থানত আছে।

উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি বিশ্ববিদ্যালয়খনে আই আই এছ চি, আই আই টি এছ, আই আই এম এছ, এইমছ আদিকে ধৰি দেশৰ সকলো উচ্চ শিক্ষানুষ্ঠানৰ ভিতৰত ৫৭নম্বৰ স্থানত আছে। ইফালে, উত্তৰ-পূৰ্বাঞ্চলৰ সকলো বিশ্ববিদ্যালয়ৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰথম স্থানত আছে। এক প্ৰেছ বিজ্ঞপ্তিযোগে উপাচাৰ্য অধ্যাপক প্ৰতাপ জ্যোতি সন্দিকৈয়ে এই সাফল্যৰ বাবে বিশ্ববিদ্যালয়নৰ শিক্ষক, বিষয়া, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰিছে।

আনহাতে, ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং ফ্ৰেমৱৰ্ক(এন আই আৰ এফ),২০২৪ত কৃষি শিক্ষানুষ্ঠান সমূহৰ ৰাষ্ট্ৰীয় পৰ্যায়ত ৰেংকিঙত চতুৰ্দশ স্থান লাভ কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ে। সমগ্ৰ দেশৰ ৰাজ্যিক কৃষি বিশ্ববিদ্যালয়ৰ মাজত অসম কৃষি বিশ্ববিদ্যালয়ৰ স্থান অষ্টম। বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত ৫টা স্থান আগুৱাই কৃষি বিশ্ববিদ্যালয়ে এই সন্মান লাভ কৰিছে।

উল্লেখ্য় যে অসম কৃষি বিশ্ববিদ্যালয় হৈছে অসমৰ একমাত্ৰ কৃষি বিশ্ববিদ্যালয় । ১৯৬৯ চনৰ ১ এপ্ৰিলত যোৰহাটত স্থাপিত হোৱা এই বিশ্ববিদ্যালয়খনে অসমত কৃষি শিক্ষা, গৱেষণা আৰু কৃষি সম্প্ৰসাৰণৰ হকে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে ।