মুখ্য-পৃষ্ঠা

ডিজিটেল ব্যৱস্থাক সফল প্ৰয়োগ কৰা হৈছে ভাৰতীয় অৰ্থনীতিতঃ আমেৰিকাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ইউনিভাৰচিটী অৱ পেনচিলভেনিয়াত অনুষ্ঠিত এক বিশেষ সাক্ষাতকাৰত উপস্থিত থাকি দেশৰ অৰ্থনৈতিক ক্ষেত্ৰ তথা ব্যৱস্থাক লৈ বহুকেইটা গুৰুত্বপূৰ্ণ তথ্য দাঙি ধৰে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে, বিগত ৮বছৰত কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ৫১টাকৈ অধিক মন্ত্ৰালয় আৰু বিভাগত প্ৰত্যক্ষ স্থানান্তৰ তথা ডি বি টি ব্যৱস্থাৰ জৰিয়তে প্ৰায় ৪০বিলিয়ন ডলাৰ চুৰিৰ পৰা ৰক্ষা পৰিছে। তেওঁ লগতে কয়- এই সময়চোৱাত ভাৰতে প্ৰায় ৪৫০বিলিয়ন ডলাৰ লেনদেন সুকলমে কৰিবলৈ সক্ষম হৈছে।

বিত্তমন্ত্ৰীগৰাকীয়ে লগতে ডিজিটেল লেনদেনৰ সন্দৰ্ভতো ভাৰতে লাভ কৰা অগ্ৰগতিৰ সন্দৰ্ভত মত ব্যক্ত কৰে। তেওঁ কয় যে, আৰ্থিক লেনদেনত চুৰিৰ ক্ষেত্ৰত ডিজিটেল ব্যৱস্থাই ভাৰতক এক চমৎকাৰী শিক্ষা প্ৰদান কৰিছে। আমি এই ব্যৱস্থাটোৰ পৰা শিক্ষা লৈ ভুৱা আৰু আৰ্থিক ক্ষেত্ৰত ঠগবাজী কৰা দুষ্টচক্ৰক এই ক্ষেত্ৰৰ পৰা নিলগাই ৰাখিবলৈ সক্ষম হৈছো।

ভাৰতৰ প্ৰতিখন ৰাজ্য তথা প্ৰদেশত এতিয়া আৰ্থিক ক্ষেত্ৰত ডিজিটেলাইশ্যনৰ ক্ষেত্ৰত অতি ক্ষীপ্ৰ গতিৰে আগবাঢ়িছে বুলি এই অনুষ্ঠানটোত মন্তব্য কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে। তেওঁ লগতে কয়- এতিয়া ভাৰতত প্ৰতিটো টকাৰ হিচাপ হয় আৰু ইয়াৰ উচিত ব্যৱহাৰ হয়। মই বিত্তমন্ত্ৰী হিচাপে এইটো কথাত বদ্ধপৰিকৰ যে, দেশৰ প্ৰতিগৰাকী লোকে দিয়া কৰৰ ধন যাতে উচিত ব্যৱহাৰ হয় আৰু এই ধনৰ ব্যৱহাৰ যাতে পৰিষ্কাৰ হয়।

ভাৰতৰ বেংক ব্যৱস্থাত ডিজিটেলাইশ্যনৰ সন্দৰ্ভতো সবিস্তাৰে কিছু কথা দাঙি ধৰে নিৰ্মলা সীতাৰমণে। তেওঁ কয়- ভাৰতৰ বেংক ব্যৱস্থাটো এতিয়া সকলো লোকৰ আৰ্থিক স্বচ্ছতাৰ সন্দৰ্ভত তন্ন-তন্নকৈ পৰীক্ষা কৰাৰ লগতে নজৰত ৰখা হয়। প্ৰতিগৰাকী লোকৰ আৰ্থিক স্বচ্ছতাৰ সন্দৰ্ভত ডিজিটেলী পৰীক্ষা কৰিয়েই বেংক সমূহে ঋণ প্ৰদানৰো সুবিধা ৰাখিছে। দেশৰ প্ৰায় ৯কোটি লোকে এনে ব্যৱস্থাৰে লাভৱান হোৱাৰ কথা সদৰি কৰে বিত্তমন্ত্ৰীগৰাকীয়ে।

বিত্তমন্ত্ৰীগৰাকীয়ে অনুষ্ঠানটোৰ শেষত কয় যে, দেশৰ অৰ্থনৈতিক ব্যৱস্থাটো শক্তিশালী আৰু টনকিয়াল কৰিবলৈ এনে ভিন্ন সৰু-বৰ পদক্ষেপ ভাৰতে গ্ৰহণ কৰিছে। পৰিৱৰ্তিত সময়ৰ সৈতে ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থাক খাপ খোৱাই মসৃণভাৱে লৈ যাব পৰাকৈ ভাৰততে ডিজিটেলাইশ্যচনত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে।

উল্লেখ কৰা প্ৰয়োজন যে,  বৰ্তমান আমেৰিকাৰ ভ্ৰমণত থকা দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ইউনিভাৰচিটী অৱ পেনচিলভেনিয়াৰ অন্তৰ্গত শিক্ষানুষ্ঠান ৱাৰ্টন বিছনেছ স্কুলত অনুষ্ঠিত এক অনুষ্ঠানত অংশ লৈ এই গুৰুত্বপূৰ্ণ তথ্যসমূহ দাঙি ধৰে।