মুখ্য-পৃষ্ঠা

Nitin gadkari: মোলৈও আহিছিল প্ৰধানমন্ত্ৰী হোৱাৰ অফাৰঃ নীতিন গাডকাৰীৰ বিস্ফোৰণ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেশৰ প্ৰধানমন্ত্ৰীৰ দৌৰত মোকো অন্তভূক্ত হবলৈ কৈছিল। মোক কোৱা হৈছিল যে, প্ৰধানমন্ত্ৰীৰ দৌৰত আপুনিও চামিল হওঁক। আমি নৰেন্দ্ৰ মোডীক নহয়, আপোনাক সমৰ্থন কৰিম। কিন্তু মই সেই অফাৰ দলিয়াই দিছিলো, কিয়নো মোৰ প্ৰধানমন্ত্ৰী হোৱাৰ হেপাঁহ নাই। প্ৰধানমন্ত্ৰীৰ গাদীত বহাৰ লোভ নাই।– নাম নোলোৱাকৈ এনেদৰেই এটা ডাঙৰ ৰাজনৈতিক ৰহস্য ৰাজহুৱা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নীতিন গাডকাৰীয়ে।

যোৱা শনিবাৰে এক অনুষ্ঠানত দিয়া বক্তব্যৰ মাজতে এই কথা প্ৰকাশ কৰে নীতিন গাডকাৰীয়ে। অৱশ্যে কোন দল বা ব্যক্তিয়ে তেওঁ সেই অফাৰ দিছিল সেই কথা ৰাজহুৱা নকৰিলে নীতিন গাডকাৰীয়ে। কিন্তু তাৰ মাজতে তেওঁ কলে যে, বিৰোধীৰ এগৰাকী জ্যেষ্ঠ নেতাই তেওঁক এই অফাৰ প্ৰদান কৰিছিল। কেতিয়া আৰু কত এই অফাৰ তেওঁক দিয়া হৈছিল এই কথাও ৰাজহুৱা নকৰো বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

নীতিন গাডকাৰীয়ে কয় যে, গোটেই জীৱন মই এটা আদৰ্শত চলিলো। মই মোৰ দলৰ সৈতে কেতিয়াও গাড্ডাৰী কৰিব নোৱাৰো। এয়া মোৰ তেজত নাই আৰু প্ৰধানমন্ত্ৰী হোৱাৰ লালসাও মোৰ নাই। মই নিজেও ব্যক্তিগতভাৱে গাড্ডাৰী কৰা ব্যক্তিক খুবেই বেয়া পাও। আদৰ্শৰ পাৰ্থক্য থাকিলেও নিজৰ স্থিতিত থকা সকলো ব্যক্তিক মউই গভীৰ শ্ৰদ্ধা কৰো।

উল্লেখ কৰা প্ৰয়োজন যেক, ২০২৪ৰ নিৰ্বাচনৰ আগত প্ৰধানমন্ত্ৰীৰ দৌৰত বিশেষ ভাৱে উচ্চাৰিত হৈছিল নীতিন গাডকাৰীৰ নাম। আৰ এছ এছৰ সৈতে সুসম্পৰ্ক আৰু দীঘদিনীয়া ৰাজনৈতিক অভিজ্ঞতাৰেপুষ্ট নীতিন গাডকাৰীক দলৰ মাজত একাংশই প্ৰধানমন্ত্ৰী পদৰ বাবে প্ৰক্ষেপ কৰাটো বিচাৰিছিল। আৰ এছ এছৰ পৰাও এই দিশত বহুখিনি সমৰ্থন লাভ কৰাৰ খবৰো প্ৰচাৰ হৈছিল। কিন্তু শেষ পৰ্যায়ত সলনি হৈছিল সমীকৰণ।