মুখ্য-পৃষ্ঠা

সত্ৰ হৈছে সমাজ ব্যৱস্থাৰ উচ্চতম ন্যায়ালয় আৰু নামঘৰ উচ্চ ন্যায়ালয়ঃ নিতুমণি শইকীয়া

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱাৰ দক্ষিণ পূৱ দিশত অৱস্থিত নতুন ভোগবাৰীৰ শ্ৰী শ্ৰী দিঘলী সত্ৰত ভকত বৈষ্ণৱ, আইমাত, অতিথি সকলৰ উপস্থিতিত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। ঐতিহ্যমণ্ডিত নতুন ভোগবাৰীৰ শ্ৰী শ্ৰী দিঘলী সত্ৰই ইতিমধ্যে শতবৰ্ষ পাৰ কৰিছে। তদুপলক্ষে শনিবাৰৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে সত্ৰখনিত অনুষ্ঠিত হৈছে "শতবৰ্ষ উৎসৱ"।

দেওবাৰে পুৱা সত্ৰত ভকত বৈষ্ণৱ, আইমাতৃ, যুৱক-যুৱতী, কণ-কণ শিশুসকলৰ অংশগ্ৰহণেৰে সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হয়। গায়ন-বায়নেৰে বৰ্ণময় হৈ পৰে পৰিৱেশ। এই সাংস্কৃতিক শোভাযাত্ৰা শুভাৰম্ভ কৰে প্ৰতিদিন টাইমৰ মূখ্য সম্পাদক নিতুমণি শইকীয়াই।

সাংস্কৃতিক শোভাযাত্ৰা শুভাৰম্ভ কৰি নিতুমণি শইকীয়াই "অসমৰ সামাজিক সাংস্কৃতিক দিশত নগাঁও জিলাৰআৱদান আছে। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মস্থান তথা তেওঁৰ সংস্কৃতি বিলাই যোৱাৰ গুৰু দ্বায়িত্ব পালন কৰি আহিছে নগাঁওবাসীয়ে। কিছুমান লোকে ৰাজনৈতিক স্বাৰ্থত আমাৰ সমাজখন ভাগ কৰিব বিচাৰে। কিন্তু আপোনালোক নতুন ভোগবাৰীৰ শ্ৰী শ্ৰী দিঘলী সত্ৰই যি কৰিছে, এই কৰ্তব্যই সমাজক এক কৰিব। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে অসমীয়া জাতিক যি দি থৈ গৈছে, তাৰে জাতিটো সাংস্কৃতিক চেতনা, মূল্যবোধ, মানুহ কৰাৰ বাসনাৰে বৃহৎ মহাজাতি হিচাপে থিয় দিছে।" বুলি মন্তব্য কৰে।

অসমৰ সত্ৰ সংস্কৃতিৰ বিষয়ে বিশ্লেষণ কৰি, "শংকৰদেৱ আৰু মাধৱদেৱৰ সৃষ্টিৰাজি ধৰি ৰাখিছে অসমৰ সত্ৰসমূহে। সত্ৰ হৈছে সমাজ ব্যৱস্থাৰ উচ্চতম ন্যায়ালয় আৰু নামঘৰ উচ্চ ন্যায়ালয়। সত্ৰই গুৰুজনাৰ সত্বাক ধৰি ৰাখিছিল বাবে আজি আমি এই সাংস্কৃতিক ৰূপ দেখা পাইছো। একমাত্ৰ লক্ষ্মীনাথ বেজবৰুৱাই সত্ৰৰ মনিকূটৰ পৰা মহাপুৰুষ শংকৰদেৱক বহিৰলৈ উলিয়াই আনিছিল। ১৯৪৮ প্ৰথম বৰগীত ৰেডিঅ বাজিছিল। তেতিয়াও বিতৰ্ক হৈছিল।" বুলি নিতুমণি শইকীয়াই মত প্ৰকাশ কৰে।

বিয়লি স্মৰনিকা উন্মোচন আৰু ধৰ্মালোচনী সভা অনুষ্ঠিত হয়। সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰিব নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সদানন্দ পায়েং। সোমবাৰে পুৱা আইসকলৰ নাম, জীয়ৰী সন্মিলন, খোল প্ৰসঙ্গ, নাম প্ৰসঙ্গৰ পাছত নিশা কণকণ শিশুসকলৰ অভিনয়েৰে ভাওনা অনুষ্ঠিত হ'ব।

আনহাতে শনিবাৰে পুৱা প্ৰথম কাৰ্যসূচী বন্তি প্ৰজ্বলনৰ পাছত শতবৰ্ষ উৎসৱৰ ধ্বজা উত্তোলন কৰে সত্ৰাধিকাৰ লীলা কান্ত দেৱ মহন্তই। পাছত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, গছপুলি ৰোপণ আৰু আইসকলৰ নাম কীৰ্তন, খোল প্ৰসঙ্গ, নাম প্ৰসঙ্গ অনুষ্ঠিত হয়। সন্ধিয়া সত্ৰীয়া সংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।