মুখ্য-পৃষ্ঠা

এখনো নদী নথকা ৮খন উন্নত দেশ...

Asomiya Pratidin
এখনো নদী নথকাকৈ এখন দেশত কিদৰে বিকাশ সম্ভৱ! এখন দেশৰ বিকাশত এখন নদীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে যদিও বিশ্বৰ এনে ৮খন দেশ আছে, যত নাই এখনো নদী। তৎস্বত্ত্বেও এই ৮খন দেশ বিশ্বৰ অন্যতম উন্নত দেশ। এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন...

নদীয়ে সভ্যতা তথা ঐতিহ্যক প্ৰতিফলিত কৰে বুলি কোৱা হয়। কিন্তু আপুনি জানি আচৰিত হব যে, বিশ্বৰ এনে কেইখনমান দেশ আছে, যিকেইখন দেশত নাই এখনো নদী। আমাৰ বিশ্বত বৰ্তমান প্ৰায় ২০খন দেশত প্ৰাকৃতিক নদী প্ৰায় নাই বুলিও কলেও ভুল কোৱা নহব। কিন্তু প্ৰাকৃতিক নদী নথকাৰ স্বত্ত্বেও এনে ৮খন দেশ আছে যিয়ে কৃত্ৰিম জলপ্ৰৱাহ সৃষ্টি কৰি চমক দিবলৈ সক্ষম হৈছে।

১. ছাউদি আৰব

ছাউদি আৰব বিশ্ব এনে এখন দেশ যিখন দেশত নাই এখনো প্ৰাকৃতিক নদী। দেশখনৰ অধিকাংশ অংশ মৰুভূমিৰে আগুৰি আছে যদিও উন্নত পানী নিষ্কাষণ প্ৰক্ৰিয়াৰ যোগেৰে সাগৰৰ পানীকো খোৱা উপযোগী কৰি লয় এই দেশখনে। প্ৰায় ৭০শতাংশ পানী এনেকৈয়ে প্ৰস্তুত কৰি লয় দেশখনে। বাকী ৩০শতাংশ পানী পাইপেৰে অন্য দেশৰ পৰা লয় ছাউদি আৰবে।

২.কাটাৰ

উন্নত দেশসমূহৰ ভিতৰত কাটাৰ অন্যতম কিন্তু আপুনি জানি হব যে, এই দেশখনত প্ৰাকৃতিকভাৱে উতপন্ন হোৱা কোনো নদী নাই। দেশখনৰ প্ৰায় ৯৯শতাংশ পানী কৃত্ৰিম প্ৰক্ৰিয়াৰে ব্যৱহাৰৰ উপযোগী কৰি তোলা হয়। নদী নাই যদিও এই দেশখনত পানী সংৰক্ষণ প্ৰণালী খুবেই উন্নত। যাৰ বাবে পানীৰ অভাৱ যদিও দেশখনৰ উন্নতিত ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই।

৩. UAE

সংযুক্ত ৰাষ্ট্ৰ আমিৰাত চমুকৈ ইউ এ ইক ডুবাই আৰু আবু ধাবী দৰে চহৰৰ বাবে বিশ্ব বিখ্যাত। নদী নথকা দেশৰ সমূহৰ ভিতৰত এই দেশখনো অন্যতম। সাগৰৰ পানী খোৱা আৰু ব্যৱহাৰৰ উপযোগী কৰি তোৱা এক ডাঙৰ প্ৰকল্প আছে এই দেশখনত। প্ৰায় ৮০শতাংশ পানী এনেকৈয়ে উতপন্ন কৰি তোলা হয়। পানীৰ অভাৱ থকা স্বত্ত্বেও ডুবাই, আবু ধাবিৰ দৰে চহৰত কোটি কোটি পৰ্যটকে ভিৰ কৰা দেখা যায়।

৪. কুৱেইট

প্ৰাকৃতিকভাৱে উতপন্ন পানীৰ ক্ষেত্ৰত অভাৱত থকা অন্যতম এখন দেশ কুৱেইট। তথাপিও বিশ্ব পৰ্যটনৰ ক্ষেত্ৰত এই দেশখনৰ অৱদান উল্লেখনীয়। প্ৰায় ৪৩লাখ লোকে বাস কৰা এইদেশখনত এখনো নদী নাই। কিন্তু ততস্বত্ত্বেও আপুনি দেখিব কুৱেইটত আছে বহু ওখ ওখ অট্টালিকা আৰু উন্নত প্ৰযুক্তিৰে নিৰ্মিত বহু বস্তু। বছৰি কোটি কোটি পৰ্যটকে ভিৰ কৰে কুৱেইটত।

৫. মালদ্বীপ

মালদ্বীপত ফুৰিবলৈ যোৱা মানুহৰ অভাৱ নাই নাইবা সাগৰৰ পাৰত মানুহে ফটো উঠে যদিও আপুনি জানি আচৰিত হব যে, মালদ্বীপত নাই এখনো নদী। সাগৰৰ পানী নিষ্কাষণ কৰিহে ব্যৱহাৰৰ উপযোগী কৰি তোলা হয় দেশখনত। ইয়াৰ বাবে চৰকাৰখনে বাজেটত সুকীয়াকৈ ধন ধাৰ্য কৰে। নদীৰ ক্ষেত্ৰত  দৰিদ্ৰ হলেও চাৰিওফালৰ পৰা সাগৰে আগুৰি দেশখনৰ পৰ্যটন উদ্যোগটোৰ বিশ্বৰ ভিতৰতে লেখত লবলগীয়া।

৬. ওমান

ওমান আৰৱ উপদ্বীপৰ দক্ষিণ-পূব প্ৰান্তত অৱস্থিত। ওমানৰ শতকৰা ৮০ভাগ অংশ মৰুভূমি, ১৫শতাংশ পৰ্বত আৰু বাকী ৩শতাংশ সমতল। ওমান উপসাগৰ, আৰৱ সাগৰ আৰু আৰ ৰাব আল খালি মৰুভূমিয়ে এই দেশখনক বিশেষ সৌন্দৰ্য প্ৰদান কৰে। কিন্তু এই দেশখনতো নাই এখনো নদী। ওমানৰ অন্যতম প্ৰধান আকৰ্ষণ দেশখনৰ উত্তৰ-পশ্চিমৰ পৰা দক্ষিণ-পূবে বিস্তৃত আল হাজৰ পৰ্বতমালা। ৩০১০ মিটাৰ উচ্চ জেবেল শামছ ইয়াৰ সৰ্বোচ্চ শৃংগ। চুহাৰ আৰু মস্কটৰ মধ্যৱৰ্তী স্থানত ওমান উপসাগৰৰ উপকূলত বিস্তৃত সৈকত পোৱা যায়। এইবোৰত ডাইভিং, পানীৰ তলত ডুব মৰা আৰু ডলফিন আৰু কাছৰ লগত ক্ৰীড়া কৰাৰ সুব্যৱস্থা আছে। তদুপৰি পক্ষী প্ৰিয় মানুহৰ বাবেও ওমান জনপ্ৰিয়। ইয়াত স্থানীয় প্ৰায় ৮০ প্ৰজাতিৰ আৰু পৰিভ্ৰমী প্ৰায় ৪০০ প্ৰজাতিৰ চৰাই দেখা যায়। ইউৰোপ, আফ্ৰিকা আৰু এছিয়াৰ বিভিন্ন অঞ্চলৰ পৰা পৰিভ্ৰমী চৰাই সমূহ নিৰ্দিষ্ট ঋতুত ওমানলৈ আহে। ওমানৰ মৰুভূমিৰ বিশালাকাৰ বালিয়াৰী সমূহ বহুতে ভ্ৰমণ কৰিবলৈ ভাল পায়। ওমানৰ চূণশিলৰ পাহাৰীয়া গুহা সমূহ বিখ্যাত। পৃথিৱীৰ দ্বিতীয় বৃহত্তম গুহা মাজলিছ আল জিন ইয়াতেই অৱস্থিত।

৭. ভেটিকান চিটি-

এখনো নদী নথকা দেশৰ ভিতৰত ভেটিকান চিটি অন্যতম। টিবেৰ নদীৰ ঠিক পশ্চিমত উত্তৰ-পশ্চিম ৰোমৰ ভেটিকান পর্বতৰ এটা তিনিকোণীয়া অঞ্চল, ভেটিকান চহৰত অৱস্থিত। দক্ষিণ-পশ্চিমত পিয়াজ চন পিট্ৰে বা ছেইণ্ট পিটাৰৰ স্কুৱেৰৰ বাহিৰে, মধ্য বয়স আৰু নৱজাগৰণৰ সময়ত নিৰ্মিত দেৱালৰ দ্বাৰা ভেটিকান চহৰক ৰোমৰ পৰা পৃথক কৰা হয়। দেৱলৰ ভিতৰত আছে বাৰ্গ, বাহাৰী ভৱন আৰু বৰ্গ। সৰ্ববৃহৎ ভৱনটো হৈছে ৰোমান কেথলিকসকলৰ মুখ্য চাৰ্চ ছেইণ্ট পিটাৰৰ বেচিলিকা। ভেটিকান চিটিৰ এটা স্থান মান্যতাবৰী, লাইব্ৰেৰি ভিটিকান আছে।

৮. বাহৰেইন-

এখন নদী নথকা স্বত্ত্বেও উন্নতিৰ জখলতা দোপতদোপে আগবঢ়া এখন দেশ হৈছে বাহৰেইন। পাৰ্ছিয়ান গল্ফৰ পশ্চিম উপকূলৰ কাষত অৱস্থিত এখন সৰু দ্বীপ-ৰাষ্ট্ৰ। ২০১০ চনত ৬,৬৬,১৭২ জন অ-দেশীয় লোকৰ সৈতে বাহৰেইন মুঠ জনসংখ্যা আছিল ১২,৩৪,৫৭১ জন। দেশখনৰ প্ৰায় ৮৫শতাংশ পানীক নিষ্কাষণ কৰিহে খোৱা-ব্যৱহাৰৰ উপযোগী কৰি তোলা হয়।