মুখ্য-পৃষ্ঠা

ভয়ংকৰ খবৰঃ উত্তৰ-পূবলৈ অহা এখনো ৰেলত নাই ‘কবচ’, কিন্তু কবচ আচলতে কি?

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পশ্চিম বংগত কাঞ্চনজংঘা ৰেলখন ভয়ংকৰ দুৰ্ঘটনাত পতিত হোৱাৰ পাছতে পোহৰলৈ আহিছে আন এক ভয়ংকৰ তথ্য। উত্তৰ-পূৰ্বলৈ অহা সকলো ৰেলতে নাই এ টি পি সুৰক্ষা ব্যৱস্থা। উক্ত ঘটনাক লৈ ৰেলৱে বৰ্ডৰ অধ্যক্ষই সম্বোধন কৰা সংবাদমেলত প্ৰকাশ হল এই ভয়ংকৰ তথ্য।

সোমবাৰে দুৰ্ঘটনাত পতিত হোৱা কাঞ্চনজংঘা আৰু মালবাহী ৰেলখনতো নাছিল এই এ টি পি সুৰক্ষা ব্যৱস্থা তথা চমুকৈ কবচ। এ টি পি ৰ ফুল ফৰ্ম হৈছে- Automatic Train Protection. এই সুৰক্ষা ব্যৱস্থাটো ভাৰতীয় ৰেলত আৰম্ভ হৈছিল ২০১২চনত আৰু ভাৰতৰ চালিত প্ৰায়বোৰ ৰেলত এই ব্যৱস্থা সংস্থাপন কৰা সম্পূৰ্ণ হৈছিল ২০২২চনত। কিন্তু দুখৰ বিষয় যে, উত্তৰ-পূবলৈ চালিত প্ৰায়বোৰ ৰেলতে নাই এই কবচ।

২০২২চনৰ ৪মাৰ্চ ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ভাৰতৰ প্ৰায় সকলো ৰেলতে এই কবচ সফলভাৱে সংস্থাপন কৰা হৈছে বুলি ঘোষণা কৰিছিল। এখন বিশেষ ৰেলত বহি এই সুৰক্ষা ব্যৱস্থাৰ ব্যৱহাৰিকভাৱে বুজ লৈছিল কেন্দ্ৰীয় ৰেল মন্ত্ৰীগৰাকীয়ে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, এই এ টি পি ব্যৱস্থাৰ জৰিয়তে দুয়োফালৰ পৰা দুখল ৰেল একে পথতে যদি আহি থাকে নাইবা কোনো বিপদ সংকুল পথৰ সম্ভেদ পালে স্বয়ংক্ৰিয়ভাৱেই ৰেল গতি হ্ৰাস পায়। এই ব্যৱস্থাৰ জৰিয়তে দুখন ৰেলৰ মাজত কেতিয়াও সংঘৰ্ষ নহয় বুলি দাবী কৰিছিল ৰেল বিভাগে। একেটা পথত যদি দুয়োফালৰ পৰা দুখন ৰেল আহে তেন্তে নূন্যতম ৩৮০মিটাৰ দুৰত্বত দুয়োখন ৰেল ৰৈ যাব।

এই এ টি পি সুৰক্ষা ব্যৱস্থা ভাৰতত উদ্ভাৱন কৰি উলিয়াইছিল। ৰেল বিভাগে উল্লেখ কৰা অনুসৰি, বিশ্ব ভিতৰতে সবাতোকৈ কম দামী অথচ উন্নতমানৰ সুৰক্ষা ব্যৱস্থা। যদিহে ৰেল পথত ৰেড চিগনেল দেখে তেন্তে আপুনা আপুনি ৰৈ যায় ৰেলখন। বাকী অন্য বিপদসংকেত পালেও ৰেলখনৰ হ্ৰাস পায় গতি আৰু লগতে বাজি উঠে চাইৰেন। প্ৰায় ১৬০ কিঃমিঃ বেগত গৈ থকা এখন ৰেলকো সঞ্চালিত কৰিব পাৰে এই সুৰক্ষা ব্যৱস্থাই।

জি পি এছৰ জৰিয়তে সঞ্চালিত হয় এই এ টি পি সুৰক্ষা ব্যৱস্থা। চিকিউৰিটি ৰেটিঙত এই সুৰক্ষা ব্যৱস্থাই লাভ কৰিছিৰ ৫ৰ ভিতৰ ৪পইন্ট। ভাৰতীয় ৰেলৱে প্ৰায় ১০হাজাৰ কিলোমিটাৰ পথ এই সুৰক্ষা ব্যৱস্থাই তদাৰক কৰে। কিন্তু লক্ষ্যণীয়ভাৱে উত্তৰ-পূবলৈ চালিত হোৱা প্ৰায়বোৰ ৰেলতে নাই এই সুৰক্ষা ব্যৱস্থা। সোমবাৰে দুৰ্ঘটনাত সংঘটিত হোৱা কাঞ্চনজংঘা ৰেলখনতো নাছিল এই এটিপি সুৰক্ষা ব্যৱস্থা।