মুখ্য-পৃষ্ঠা

ইতিহাসত প্ৰথমঃ লোকসভা অধ্যক্ষ পদৰ বাবে ওম বিৰলাৰ বিৰুদ্ধে যুঁজত নামিল কংগ্ৰেছৰ কে সুৰেশ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেশত পোণপ্ৰথমবাৰৰ বাবে লোকসভা অধ্যক্ষ পদক লৈ অনুষ্ঠিত হব নিৰ্বাচন। এন ডি এই উপাধ্যক্ষ পদটো বিৰোধীক এৰি নিদিয়াৰ সিদ্ধান্ত লোৱাৰ পাছতে লোকসভাৰ অধ্যক্ষ পদৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে ইণ্ডিয়া মৰ্চাই। এন ডি এৰ লোকসভা অধ্যক্ষ পদৰ প্ৰাৰ্থী ওম বিৰলাৰ বিৰুদ্ধে ইণ্ডিয়া মৰ্চাই থিয় কৰাইছে ৮বাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা অভিজ্ঞ সাংসদ কে সুৰেশক।

দুয়োগৰাকী প্ৰাৰ্থীয়েই ইতিমধ্যে মনোনয়ন দাখিল কৰিছে। অহা বুধবাৰে অনুষ্ঠিত হব লোকসভা অধ্যক্ষৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া। উল্লেখ কৰা প্ৰয়োজন যে, মঙলবাৰে পুৱা ভাগত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেক সাক্ষাত কৰি লোকসভা অধ্যক্ষ পদৰ বাবে সমৰ্থন বিচাৰিছিল।

কিন্তু কংগ্ৰেছে লোকসভাৰ উপাধ্যক্ষ পদটো বিচৰা পাছতে সলনি হয় প্ৰেক্ষাপট। ইতিমধ্যে বিজেপিয়েও সদৰি কৰিছে যে, উপাধ্যক্ষ পদটো কোনোপধ্যই বিৰোধীক এৰি দিয়া নহয়। এনডিএ তথা বিৰোধীৰ এই স্থিতিৰ পাছতে কংগ্ৰেছ সাংসদ কে সুৰেশক ওম বিৰলাৰ বিৰুদ্ধে থিয় কৰায় ইণ্ডিয়া মিত্ৰজোঁটে।

১৯৮৯, ১৯৯১, ১৯৯৬, ১৯৯৯, ২০০৯, ২০১৪, ২০১৯ আৰু ২০২৪ত ৮বাৰ সাংসদ হৈছে কে সুৰেশ। ইতিমধ্যে অষ্টাদশ লোকসভা অধিৱেশনত প্ৰটেম অধ্যক্ষ নিৰ্বাচনক লৈও আক্ষেপ প্ৰকাশ কৰিছিল কংগ্ৰেছে।